Beauty PlusFitness PlusHealth NaturallyHealth Talksবিছনাৰ তুলিৰ ময়লা-জীৱাণু দূৰ কৰিবলৈ কি ব্যৱস্থা ল’বBy Health Plus - October 3, 2025021Facebook Twitter Pinterest WhatsApp স্বাস্থ্যৰক্ষাৰ বাবে বিছনাৰ চাদৰ লেতেৰা হ’লে বা যিকোনো দাগ পৰিলেই যিদৰে ধোৱা সম্ভৱ, তুলি বা তোষক বা বিছনাৰ গাদী পৰিচ্ছন্ন কৰা সম্ভৱ নহয়৷ শিশুৰ প্ৰস্ৰাৱ, ধূলি-মাকতি আদিৰ কাৰণেই হওক, গাদী পৰিষ্কাৰ কৰাটো সহজ নহয়৷ কিন্তু নিয়মিতভাৱে পৰিষ্কাৰ নকৰিলেও বিভিন্ন ৰোগৰ বীজাণুৰ সৃষ্টি হৈ শৰীৰৰ অনিষ্ট কৰিব পাৰে৷ সেয়ে বছৰত অন্ততঃ দুবাৰ ভালদৰে বিছনাৰ তুলি পৰিষ্কাৰ কৰা উচিত৷ ইয়াৰ বাবে লণ্ড্ৰিৰ হতুৱাই পৰিচ্ছন্ন নকৰি ঘৰুৱা উপায়ে পৰিষ্কাৰ কৰাৰ কৌশল সন্দৰ্ভত জানি লওক৷প্ৰথমে বিছনাৰ চাদৰখন তুলি দিব৷ এইবাৰ ভেকুৱাম ক্লিনাৰেৰে পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰক৷ তুলিৰ কোণবোৰ, ভিতৰৰ চিলাই তথা ভাঁজবোৰলৈ বিশেষ লক্ষ্য ৰাখিব৷ এই ঠাইবোৰত সকলোতকৈ বেছি ধূলি, খাদ্যৰ পেলনীয়া, ময়লা, চুলি আদি টুকুৰাবোৰ জমা হয়৷ ভেকুৱাম যন্ত্ৰ নহ’লে এইসমূহ ঠাই ভালদৰে জোকাৰি বা কপাহ বা কাপোৰেৰে হাতেৰে মচি দিব৷ এইবাৰ ক্লিনজাৰ তৈয়াৰ কৰি ল’ব৷ মনত ৰাখিব, তুলিত কোনো দ্ৰৱণেৰে সম্পূৰ্ণ ভিজাই ৰখা উচিত নহয়৷ ইয়াৰ ফলত গাদী নষ্ট হৈ যাব পাৰে৷ সেয়ে ক্লিনজাৰেৰে স্প্ৰে’ কৰি পৰিষ্কাৰ কৰিব লাগে৷ আনহাতে তুলিৰ যদি কোনো দাগ গুচাবলগীয়া হয়, তেনে ক্ষেত্ৰত এটা বাটিত এচামুচ ডিটাৰজেণ্ট আৰু এক লিটাৰ ঠাণ্ডা পানীৰ দ্ৰৱণ প্ৰস্তুত কৰক৷ সৰু গাদীৰ বাবে আধা লিটাৰ হ’লেই যথেষ্ট৷ ফেন নুঠালৈকে চামুচেৰে লৰাই থাকিব৷ এইবাৰ পৰিষ্কাৰ কাপোৰ বা নৰম ব্ৰাছ এডাল হৈ দ্ৰৱণত ডুবাই লৈ বৃত্তাকাৰে তুলিৰ দাগ লগা অংশত জোৰকৈ ঘঁহি দিব৷ কিছু সময় ঘঁহাৰ পাছত দাগ লগা অংশটো পৰিষ্কাৰ হৈ পৰিব৷ এতিয়া আন এখন কাপোৰেৰে অৱশিষ্টাংশ অপসাৰণ কৰিব৷ এতিয়া ৰ’দ বা বতাহ পাব পৰা ঠাইত তুলিখন ৰাখি শুকাই ল’ব৷আনহাতে তুলিৰ ওপৰত পাতলকৈ ব্ৰেকিং ছ’ডা ছটিয়াই দিব৷ সম্পূৰ্ণ পৃষ্ঠ ঢাকি আধা ঘণ্টামান এইদৰে ৰাখি দিব৷ অথবা কিছুসময়ৰ বাবে তুলিখন ৰ’দত ৰাখি দিব৷ কাৰণ ৰ’দে বেক্টেৰিয়াৰ বংশবৃদ্ধি ৰোধ কৰিব পাৰে৷ এইবাৰ শুকান, পৰিষ্কাৰ কাপোেৰৰে গোটেই তুলিখন ভালদৰে মচি দিব৷