পাঁচ ধৰণৰ হেপাটাইটিছ ভাইৰাছৰ ভিতৰত এনে এবিধ ভাইৰাছ আছে, যি লিভাৰৰ কেঞ্চাৰৰ বাবে দায়ী৷ এই ভাইৰাছবিধ লিভাৰত প্ৰৱেশ কৰিলে বহুগুণে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়৷ এইবিধ খাদ্যৰ উপৰি দূষিত পানী, কোনোৰে আকৌ তেজ, দেহৰস, আনকি আক্ৰান্তই ব্যৱহাৰ কৰা সামগ্ৰীৰ পৰাও বিয়পিব পাৰে৷ এই ৰোগক লৈ যেতিয়া গৱেষণা আৰম্ভ হৈছে, তেতিয়া প্ৰকাশ্যে আহিছে আৰু এটা তথ্য৷ হেপাটাইটিছৰ দ্বাৰা জণ্ডিচৰ লগতে লিভাৰৰ জটিল ৰোগ হ’ব পাৰে৷ এইটো সকলোৱে জনা কথা৷ কিন্তু পাঁচবিধ ভাইৰাছৰ ভিতৰত এনে এবিধ ভাইৰাছ আছে, যি লিভাৰৰ কেঞ্চাৰৰ বাবে জগৰীয়া বুলি গণ্য কৰা হৈছে৷ হেপাটাইটিছক লৈ গৱেষণাৰ কৰাৰ সময়ত এই তথ্য জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই৷ সমীক্ষাত দেখা গৈছে যে হেপাটাইটিছ-এ, বি, চি, ডি আৰু হেপাটাইটিছ-ইৰ মাজত আচলতে অনিষ্টকাৰী হ’ল হেপাটাইটিছ-ডি৷ এই ভাইৰাছ শৰীৰৰ ভিতৰত খোপনি পুতি লিভাৰৰ কোষ ধবংস কৰি পেলায়৷ হেপাটাইটিছ-ডি হ’লে লিভাৰৰ ক্ষত বা চিৰোছিছ আৰু তাৰ পাছত কেঞ্চাৰৰ আশংকা বৃদ্ধি কৰে৷ উল্লেখ্য যে হেপাটাইটিছ-ডিয়ে অকলে এই কাম নকৰে৷ ইয়াৰ বাবে দোষী হেপাটাইটিছ-বি৷ এই দুই ভাইৰাছে একেলগে আক্ৰমণ কৰি প্ৰথমে জণ্ডিচৰ লক্ষণ দেখা দিয়ে৷ তাৰ পাছত লাহে লাহে ফেটি লিভাৰ, লিভাৰ চিৰোছিছ আৰু শেষত কেঞ্চাৰৰ ৰূপ লয়৷ সমীক্ষাৰ পৰা দেখা গৈছে যে প্ৰায় চাৰি তিনি কোটি লোক ভাইৰেল হেপাটাইটিছৰ চিকাৰ হৈছে, যিসকলৰ মাজত অন্ততঃ ২.৯৮ কোটি হেপাটাইটিছ-বি আৰু হেপাটাইটিছ-ডি আছিল৷