সপ্তাহৰ প্ৰতিদিনে কণী খোৱা স্বাস্থ্যৰ বাবে উপকাৰী৷ কিন্তু কণীৰ কুহুমত কলেষ্টৰেলৰ মাত্ৰা বেছি থকাৰ বাবে কিছু ক্ষেত্ৰত সতৰ্ক থকা ভাল৷ সেয়ে যিসকলৰ হাৰ্ট তথা উচ্ছ ৰক্তচাপৰ সমস্যা আছে, তেওঁলোকে কণী খোৱাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰখাৰ পৰামৰ্শ দিয়ে চিকিৎসকে৷ সপ্তাহত দুবাৰ কণী খালে মস্তিষ্কৰ এটা জটিল ৰোগৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰা সম্ভৱ৷ বয়স বৃদ্ধিৰ লগে লগে আলঝেইমাৰৰ পৰা ডিমেনচিয়াৰ সৃষ্টি হ’ব পাৰে৷ ডিমেনচিয়া অৰ্থাৎ স্মৃতিলোপৰ আশংকা৷ কিন্তু সাম্প্ৰতিক এটা গৱেষণাত দেখা গৈছে যে সপ্তাহত অন্ততঃ দুবাৰ কণী খালে এই কঠিন ৰোগৰ পৰা মুক্তি পাব পাৰে৷ জাৰ্নাল অব নিউট্ৰিশ্যন-এ এই সম্পৰ্কীয় এটা গৱেষণাত জনা গৈছে বয়স্কসকলৰ ক্ষেত্ৰত নিয়মিত কণী খোৱাৰ ফলত আলঝেইমাৰৰ পৰা ডিমেনচিয়া হোৱাৰ আশংকা ৪৭ শতাংশপৰ্যন্ত কমি থাকে৷ এই গৱেষণাত মস্তিষ্কৰ স্বাস্থ্য বজাই ৰখাৰ ক্ষেত্ৰত কণীৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ এই পৰ্যবেক্ষণৰ ক্ষেত্ৰত এহেজাৰজন বয়স্ক লোকৰ দৈনন্দিন খাদ্যাভ্যাসক বিশে¡ষণ কৰা হৈছিল৷ অংশগ্ৰহণকাৰীৰ বয়স আছিল আশী বছৰৰ উধবৰ্ৰ৷ উল্লেখ্য যে কণীত কোলিন নামৰ এবিধ যৌগ থাকে, যি মস্তিষ্কৰ অন্যতম নিউৰোট্ৰান্সমিটাৰ এচিটোকোলিন প্ৰস্তুত কৰাত সহায় কৰে৷ এচিটোকোলিনে ব্যক্তিৰ স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে৷ গৱেষণাত দেখা গৈছিল যে কণী মস্তিষ্কৰ স্মৃতিৰক্ষাত কোলিনৰ প্ৰায় ৩৯ শতাংশপৰ্যন্ত কাৰ্যকৰী প্ৰভাৱ আছে৷ ইয়াৰ উপৰি কণীত থকা ওমেগা থ্ৰি ফেটি এচিড আৰু লুটেইনে মস্তিষ্কৰ প্ৰদাহ আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়৷