অনাগত ২৫ বছৰৰ ভিতৰত বিশ্বজুৰি লিভাৰৰ কেঞ্চাৰত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈ প্ৰায় দ্বিগুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে৷ স্থূলতা, মদ্যপান আৰু হেপাটাইটিছ হোৱাৰ দৰে প্ৰতিৰোধযোগ্য সমস্যাবোৰ ঠিকমতে নিয়ন্ত্ৰণ নকৰিলে এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা আছে৷ চিকিৎসা সাময়িকী লেনচেটত প্ৰকাশিত এক গৱেষণাৰ প্ৰতিবেদনত এনে আশংকা প্ৰকাশ কৰা হৈছে৷ গৱেষণাটো কৰিছে বিশ্বমানৰ কেঞ্চাৰ তথ্য প্লেটফৰ্ম গ্ল’ৱেল কেঞ্চাৰ অবজাৰভেটৰিয়ে৷ প্ৰতিবেদনখনত কোৱা হৈছে বিশ্বৰ বৰ্তমান প্ৰতিবছৰে আঠ লাখ সত্তৰ হাজাৰ মানুহ লিভাৰ কেঞ্চাৰত আক্ৰান্ত হৈছে৷ বৰ্তমানৰ প্ৰৱণতা থাকিলে ২০৫০ চনত আক্ৰান্তৰ সংখ্যা বাঢ়ি ১৫ লাখ ২০ হাজাৰ হ’বগৈ৷ কেঞ্চাৰৰ বিভিন্ন ধৰণৰ আক্ৰান্ত হোৱাৰ কাৰণে প্ৰাণহানিৰ সংখ্যা বেছি হয়, তাৰ ভিতৰত লিভাৰ কেঞ্চাৰৰ স্থান তৃতীয়৷ প্ৰতিবেদনত আভাস দিয়া হৈছে ২০৫০ চনত লিভাৰ কেঞ্চাৰত আক্ৰান্ত হৈ বছৰত তেৰ লাখ সত্তৰ হাজাৰ লোকৰ প্ৰাণহানি হ’ব৷ অৱশ্যে আন্তৰ্জাতিক বিশেষজ্ঞৰ এটা দলে কৈছে যে প্ৰতি পাঁচটিৰ লিভাৰ কেঞ্চাৰৰ তিনিটা প্ৰতিৰোধ কৰা সম্ভৱ৷