গেছৰ সমস্যা হ’লেই এণ্টাছিড খায়? সতৰ্ক নহ’লে বিপদ অৱশ্যম্ভাৱী

0
1

বহুতৰে পুৱা টোপনিৰ পৰা উঠিয়েই খালী পেটত গেছৰ সমস্যাৰ বাবে ঔষধ সেৱন কৰে৷ মজিয়াত ভৰি দিয়েই এণ্টাছিড এটা নাখালে দিনটো শান্তি নাপায়৷ এণ্টাছিডজাতীয় ঔষধে সাময়িকভাৱে গেছ-এচিডিটিৰ সমস্যাৰ পৰা মুক্তি দিয়ে৷ কিন্তু এইধৰণৰ ঔষধ সঘনাই খোৱাটো জানো স্বাস্থ্যসন্মত? চিকিৎসকে কোৱা মতে খাই উঠিয়েই গেছৰ ঔষধ খোৱা স্বাস্থ্যৰ বাবে ভাৱ নহয়৷ ইয়াৰ ফলত সাময়িকভাৱে বুকুৰ জ্বলা-পোৰা কৰা, কমালৈও হজমৰ সমস্যা কিন্তু দীৰ্ঘম্যাদী হ’ব পাৰে৷ তেনে ক্ষেত্ৰত ঔষধ সেৱন নকৰিলে স্বাভাৱিক প্ৰক্ৰিয়াৰে হজমশক্তিত ব্যাঘাত হ’ব পাৰে৷ এই জাতীয় ঔষধ অপব্যৱহাৰ কৰি শৰীৰৰ বিপত্তিহে হয়৷ এইবোৰ ঔষধ কিমান ডোজ খাব লাগে তাৰ কাৰণে চিকিৎসকৰ পৰামৰ্শ অবিহনে খোৱাৰ বাবে শৰীৰত মাৰাত্নক প্ৰভাৱ পৰে৷ সঘনাই এণ্টাছিড খোৱাৰ ফলত শৰীৰত বৃহৎ ক্ষতি হ’ব পাৰে৷
দীৰ্ঘদিন ধৰি গেছ-এচিডিটিৰ ঔষধ খাই থকাৰ ফলত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ কিডনীৰ ওপৰত পৰে৷ কিডনীৰ ৰোগ সহজে ধৰা নপৰে বাবে কিডনী বিকল হোৱাৰ সম্ভাৱনা থাকে৷
বিভিন্ন গৱেষণাত কোৱা হৈছে যে এণ্টাছিড অধিক মাত্ৰাত খালে হাৰ্টৰ ৰোগৰ সম্ভাৱনা বাঢ়ে৷ সেয়ে হাৰ্টৰ চিকিৎসাৰ পৰামৰ্শ অবিহনে এণ্টাছিড খোৱা উচিত নহয়৷
দীৰ্ঘদিন ধৰি এণ্টাছিড খালে হাড়ৰ ক্ষতি হ’ব পাৰে৷ এণ্টাছিডে শৰীৰৰ কেলচিয়াম শোষণত বাধা দিয়ে৷ সেয়ে অষ্টিঅ’পৰোছিছ বা বাতৰ অসুখ হোৱাৰ সম্ভাৱনা থাকে৷
খোৱাৰ পাছত দৈনিক গেছৰ ঔষধ খোৱাৰ অভ্যাস থাকিলে ইয়াৰ প্ৰভাৱ শৰীৰত পৰে৷ পাকস্থলীৰ উপকাৰী বেক্টেৰিয়াবোৰ নষ্ট হ’ব পাৰে৷ এই উপকাৰী বেক্টেৰিয়াৰ ক্ষতি মানেই স্থূলতা আৰু ডায়েবেটিছ ৰোগৰ বৃদ্ধিৰ কাৰণ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here