মস্তিষ্কৰ ক্ষতি কৰিছে ChatGPT-এ চাৰ্ছ কৰাৰ আগতে ভাবক

0
2

আগতে আছিল গুগল৷ এতিয়া আহিছে চাটজিপিটি৷ কোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ ইয়াৰ সহায় লোৱা হয়৷ নিজে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই৷ যিকোনো বিষয় জানিবলৈ চাটজিপিটিৰ দৰে কৃত্ৰিম বুদ্ধিমত্তাক কামত লগাইছে বহুতেই৷ এই চাটজিপিটিয়ে আপোনাৰ মগজুত কিদৰে প্ৰভাৱ পেলাব পাৰে৷ চাটজিপিটি আপোনাৰ বাবে ডিজিটেল বস্তু হ’লেও আচলতে বুদ্ধিজ্ঞানহীতাত পৰিণত কৰিছে৷ এই কথা জনাইছে এম আই টিৰ বিজ্ঞানীয়ে৷ গৱেষণাত প্ৰকাশ পাইছে যে চাটজিপিটিৰ দৰে এ আই টুল ব্যৱহাৰ কৰাৰ কাৰণে মস্তিষ্কৰ ক্ষতি হৈছে৷ ইয়াৰ ফলত লাহে লাহে স্মৃতিশক্তি লোপ পাইছে৷ আনকি গুৰুত্বপূৰ্ণ কোনো বিষয়ক লৈ চিন্তা-চৰ্চা কৰাৰ ক্ষমতা নোহোৱা হৈছে৷ কমি গৈছে মস্তিষ্কৰ কাৰ্যক্ষমতা৷ উল্লেখ্য যে এম আই টিয়ে ৫৪জন পঢ়ুৱৈৰ ওপৰত চাৰি মাহ ধৰি গৱেষণা কৰিছে৷ তিনিটা গ্ৰুপত ভাগ কৰা এই দলটো চাটজিপিটি ব্যৱহাৰ কৰা, এটা দলে গুগল ব্যৱহাৰ আৰু আনটো দলে কোনোৰে সহায় নোলোৱাকৈ বিভিন্ন কাম কৰে৷ দেখা যায় এ আই ব্যৱহাৰকাৰীৰ প্ৰথমাৱস্থাত দ্ৰুত ফলাফল দেখিলেও দীৰ্ঘসময়ৰ পাছত মস্তিষ্কৰ গতি ধীৰ-স্থিৰ হৈ যায়৷ পঢ়ুৱৈসকলে চাটজিপিটি ব্যৱহাৰ কৰাৰ পাছত তেওঁলোকৰ মনত ৰখা ক্ষমতা হ্ৰাস পাইছে৷ মগজুৰ কাৰ্যক্ষমতা লোপ পাইছে৷ আনহাতে যিসকলে কোনোৰে সহায় লোৱা নাই, নিজে কাম কৰিছে, প্ৰজেক্ট লিখিছে, তেওঁলোকৰ পৰীক্ষাৰ ফলাফল যথেষ্ট উন্নত হৈছে৷ ভাষাগত দক্ষতাও বেছি৷ আনহাতে যিসকলে গুগল ব্যৱহাৰ কৰিছে, তেওঁলোকৰ মস্তিষ্কৰ কাৰ্যক্ষমতা মধ্যমত আছে৷ চাটজিপিটি ব্যৱহাৰকাৰীৰ তুলনাত তেওঁলোকৰ চিন্তাশক্তি বেছি৷ তেওঁলোকে নিজস্ব আইডিয়া বা ভাবনা ভাবিবলৈ সক্ষম৷ এই সমীক্ষাতেই গম পোৱা গৈছে যে যিসকলে নিয়মিত চাটজিপিটি ব্যৱহাৰ কৰে, তেওঁলোকৰ চিন্তাশক্তিতে নহয়, সামগ্ৰিক ভাবনা চিন্তাৰ ওপৰতো প্ৰভাৱ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here