নিয়মিত ছচ্‌মা ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি ঠিক হয়নে?

0
2

ছচ্‌মা আচলতে কিয় প্ৰয়োজন, কোনসকলৰ দৰকাৰ৷ কিছুদিন ব্যৱহাৰ কৰাৰ পাছত কি ছচ্‌মাৰ পৰা মুক্তি পাব পাৰি– এইধৰণৰ বিভিন্ন প্ৰশ্ন আমাৰ মনত আহে৷ আহকচোন আজি এই সম্পৰ্কে থকা ভ্ৰান্ত ধাৰণাবোৰ দূৰ কৰাৰ চেষ্টা কৰোঁ৷
আমি চকুৰে বাহিৰৰ বস্তু প্ৰত্যক্ষ কৰোঁ ঠি্‌কেই, কিন্তু আমাৰ দেখা সম্পূৰ্ণ কৰে মস্তিষ্কই৷ সহজতে ক’বলৈ হ’লে চকু হ’ল দেখাৰ যন্ত্ৰ আৰু সেই ছবি বুজাৰ কেন্দ্ৰ হ’ল মগজু৷ সেয়ে কিবা কাৰণত ফকাচ ঠিকমতে ৰেটিনাত নপৰিলে দেখাৰ ক্ষেত্ৰত বিঘ্নিত হয়৷ ইয়াই হৈছে ৰিফ্ৰাকটিভ এৰ’ৰ বা দৃষ্টিৰ সমস্যা৷ এই সমস্যা সাধাৰণতে দুই ধৰণৰ দূৰদৃষ্টিৰ সমস্যা আৰু ক্ষীণদৃষ্টিৰ সমস্যা৷ এই দুই সমস্যাৰে ক্ষেত্ৰত ছচমা ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে চিকিৎসকে৷ এই ক্ষেত্ৰত ছচমা ব্যৱহাৰক লৈ কিছুমান বিভ্ৰান্তিৰ সৃষ্টি হয়৷ বহুতেই ভাবে যে নিয়মিতভাৱে ছচমা ব্যৱহাৰ কৰিলে চকু দৃষ্টিশক্তি ঠিক হয়৷ কিন্তু এইটো একেবাৰে শুদ্ধ নহয়৷ ছচমাৰ সৈতে দৃষ্টি ভাল হোৱা বা নোহোৱাৰ কোনো সম্পৰ্ক নাই৷ দৃষ্টি সমস্যা ইয়াৰ নিজৰ নিয়ম মানি চলে৷ আনহাতে শাক-পাচলি, সৰু মাছনোখোৱাৰ বাবে শিশুটিৰ এই সমস্যা হৈছে বুলি কোৱা কথাটোও সত্য নহয়৷ সৰু মাছ অথবা শাক-পাচলিৰ লগত দৃষ্টি সমস্যা বা ৰিফ্ৰাকটিভ এৰ’ৰ কোনো সম্পৰ্ক নাই৷ অৱশ্যে শাক-পাচলি, সৰু মাছ ভিটামিন-এ বা এণ্টিঅক্সিডেণ্টসমৃদ্ধ খাদ্যই ৰেটিনা সুস্থ ৰখাৰ বাবে জৰুৰী৷ ইয়াৰ উপৰি বহুতৰ মাজত থকা ধাৰণাটো হ’ল যে এবাৰ ছচমা ব্যৱহাৰ কৰিলে আৰু ছচমা এৰাটো সম্ভৱ নহয়৷ এই বিষয়টো একেবাৰে অনৰ্থক৷ বিশেষকৈ শিশুৰ যেতিয়া দৃষ্টি সমস্যাৰ চিনাক্ত কৰি ছচমা দিয়া হয়, কিন্তু শিশুৱে ছচমা ব্যৱহাৰ নকৰে৷ এনে অৱস্থাত শিশুৰ দৃষ্টি পৰিণত নহ’লে এম্বলিঅ’পিয়াৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷
আনহাতে ছচমা ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান ব্যৱহাৰবিধি মানি চলা উচিত৷ নতুন পাৱাৰ আৰু পুৰণি পাৱাৰৰ ছচমা একেলগে ব্যৱহাৰ কৰা উচিত নহয়৷ নিয়মিত ব্যৱহাৰ কৰিলে খুব সোনকালে ছচমাৰ সৈতে চকু অভ্যস্ত হৈ যায়৷ ছচমা সঠিক নোহোৱাৰ কাৰণে প্ৰধানতঃ দুটা বিষয় দায়া ফ্ৰেম আৰু ফিটিং৷ সকলো ফ্ৰেম সকলোৰে বাবে নিমিলে৷ ছচমাযোৰ নিজৰ মতে নহ’লে বস্তু দেখাৰ ক্ষেত্ৰত অসুবিধা হ’ব পাৰে৷ সেয়ে ফ্ৰেম, পাৱাৰ মিলাই ব্যৱহাৰৰ উপযোগী সঠিক ছচমা নিৰ্বাচন কৰি চকুৰ দৃষ্টি সঠিক ৰাখক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here