Beauty PlusDaily newsFitness PlusHealth NaturallyHealth Talksশিশুৰ আঙুলি চোবোৱা অভ্যাসৰ কাৰণ আৰু প্ৰতিকাৰBy Health Plus - August 27, 202503Facebook Twitter Pinterest WhatsApp শিশুৰ মাজত আঙুলি চোৱোবা এটা স্বাভাৱিক আৰু প্ৰচলিত অভ্যাস৷ বেছিভাগ শিশুৱে পাছত এই অভ্যাস নিজেই এৰি দিয়ে৷ আনহাতে অভিভাৱকসকলে নাজানে এই অভ্যাসে শিশুসকলৰ ভৱিষ্যতে কোনোধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে নেকি? আঙুলি চোবাই থকা অভ্যাস শিশুৰ প্ৰাকৃতিক ৰিফ্লেক্স বা প্ৰতিক্ৰিয়া৷ এই সন্দৰ্ভত বিশেষজ্ঞই জনোৱা অনুসৰি যেতিয়া শিশুৱে ভয় খায়, ক্লান্ত হয় বা অস্থিৰ বোধ কৰে, তেতিয়া আঙুলি চোবাই তাৰ মানসিক প্ৰশান্তিৰ এটা মাধ্যম হৈ উঠে৷ ইয়ে এটা নতুন বা চাপমুক্ত পৰিৱেশে শিশুটিক মানসিক স্বস্তি প্ৰদান কৰে৷ কিছুমান শিশুৱে আঙুলি চোবাইহে টোপনি যায়, অৰ্থাৎ টোপনি ধৰাৰ আগমুহূৰ্তত অথবা হঠাতে টোপনিৰ পৰা সাৰ পাই পুনৰ টোপনি যাবলৈ আঙুলি চোবাই থকা অভ্যাসটোৱে সহায়কৰ ভূমিকা পালন কৰে৷ চিকিৎসকে জনাইছে যে প্ৰাথমিক বছৰবোৰত এই অভ্যাস ক্ষতিকাৰক নহয় যদিও বয়স বঢ়াৰ লগতে এই অভ্যাস ৰৈ গ’লে ক্ষতি কৰিব পাৰে৷ শিশুৰ দাঁত গজাৰ পাছত এই অভ্যাস থাকিলে দাঁতৰ গঠন আৰু বিকাশ ব্যাহত হ’ব পাৰে৷ মিহিকৈ চোবোৱা চিন্তাৰ কাৰণ নহয় যদিও জোৰকৈ চোবোৱাৰ ফলত দাঁতৰ লগতে মুখৰ পৰিৱৰ্তন, ছালৰ ক্ষত বা সংক্ৰমণ ঘটাব পাৰে৷ দীৰ্ঘসময় ধৰি আঙুলি চোবাৱা অভ্যাসৰ ফলত উচ্ছাৰণ সমস্যাৰ কাৰণ হ’ব পাৰে৷ শিশুটিৰ কথা কোৱাৰ দক্ষতাত প্ৰভাৱ পৰিব পাৰে৷ যদি শিশুটিয়ে স্কুল, মানুহৰ মাজত, সহপাঠীৰ সন্মুখত আঙুলি চোবাই থাকে তেনেহ’লে উপহাসৰ চিকাৰ হ’ব পাৰে৷ যাৰ বাবে সিঁহতৰ আত্মবিশ্বাস কমি যাব পাৰে৷কিদৰে শিশুটিৰ এই বেয়া অভ্যাস ত্যাগ কৰাব৷ শিশু উদ্বিগ্ন বা ক্লান্ত হ’লে শিশুটিক লগলৈ অনা, কোঁচত লোৱা, সিহঁতৰ সৈতে কথা পতা, সিহঁতৰ প্ৰিয় খেলনা যোগাৰ ধৰা আদি কৰিব পাৰে৷ তেনে কৰিলে শিশুটিৰ মানসিক প্ৰশান্তি আহিব৷ শিশুটিক ধমক দি বা ভয় খুৱাই নহয়, মৰমেৰে বুজাই দিয়াৰ যত্ন কৰক৷ বিশেষতঃ টোপনিৰ সময় বা একঘেয়ামীৰ মুহূৰ্তত৷ সেই বিশেষ সময়ত শিশুটিক টেডি বেয়াৰ, কম্বল বা ছুইং খেলনা দিব পাৰে, যাতে শিশুটিক মন আনদিশে ব্যস্ত থাকে৷ আনহাতে শিশুটিৰ মানসিক আৰু শাৰীৰিক বিকাশৰ স্বাৰ্থত আঙুলি চোবোৱা অভ্যাসটো গুৰুত্ব সহকাৰে লোৱা উচিত৷