Beauty PlusDaily newsEducationFitness PlusHealth Naturallyইউৰিক এচিডৰ সমস্যা থাকিলে এইবোৰ খাদ্য খোৱা উচিত নহয়By Health Plus - August 26, 202501Facebook Twitter Pinterest WhatsApp প্ৰয়োজনতকৈ অতিৰিক্ত প্ৰ’টিনজাতীয় খাদ্য খোৱাৰ ফলত তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ে৷ ইয়াৰ ফলত ভৰিৰ বিষ, গোৰোহাত ফুটি উঠা আৰু অসহ্য বিষ অনুভৱ হোৱা, অস্থিসন্ধি ফুটি উঠা আৰু অসহ্যকৰ বিষোৱা আদিৰ দৰে লক্ষণে দেখা দিয়ে৷ ব্যস্ততাময় জীৱন, পৰিৱৰ্তিত খাদ্যাভ্যাস, আৰামপ্ৰিয় জীৱন, ভেজাল খাদ্য, মেদবহুলতা আদি অনেক কাৰণত ইউৰিক এচিডৰ সমস্যাই দেখা দিয়ে৷ সাধাৰণতে ইউৰিক এচিডৰ সমস্যা শীতকালত বেছিকৈ হোৱা পৰিলক্ষিত হয়৷ ইয়াৰ উপৰি এনে কিছু খাদ্য আছে, যিবোৰ খালে শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি যায়৷ জানো আহক কি খাদ্য খোৱাৰ ফলত ইউৰিক এচিড বাঢ়িব পাৰে৷চিকিৎসকে ইউৰিক এচিডৰ সমস্যা থাকিলে মদ্যপানৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে৷ শীতকালত এই নিষেধাজ্ঞা আৰু কঠোৰ হয়, কিয়নো শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট কমি যায়৷ইউৰিক এচিডৰ সমস্যা থাকিলে ৰেড মিট, উচ্ছ ফেটযুক্ত খাদ্য, দুগ্ধজাত সামগ্ৰী আদি খোৱাৰ পৰা বিৰত থাকক৷প্ৰতিদিনে খাদ্য তালিকাত প্ৰ’টিনযুক্ত খাদ্যৰ পৰিমাণ কমাই দিয়ক৷ সামুদ্ৰিক মাছ, মুৰ্গীৰ মাংস আদি কম খোৱাৰ সমান্তৰাভাৱে ফল, সেউজীয়া শাক-পাচলি আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক৷টকজাতীয় খাদ্য যেনে– বিলাহীৰ টক, তেঁতেলীৰ টক আদিয়ে ইউৰিক এচিডৰ মাত্ৰা বঢ়াই দিয়ে৷ সেয়েহে এইধৰণৰ বস্তু কমাই খাওক৷ ইয়াৰ পৰিৱৰ্তে ভিটামিন-চি সমৃদ্ধ খাদ্য, টেঙা ফল-মূল আদি সৰহকৈ খোৱাৰ অভ্যাস কৰক৷