Beauty PlusFitness PlusHealth NaturallyHealth Talksৰাতি পোহৰত শোৱাটো স্বাস্থ্যসন্মত নে স্বাস্থ্য ক্ষতিকাৰকBy Health Plus - August 25, 202503Facebook Twitter Pinterest WhatsApp ৰাতি টোপনি মৰাৰ সময়ত এই কাম কেতিয়াও নকৰিব৷ নহ’লে নিজেই হাৰ্টৰ ক্ষতি কৰিব৷ এই কথা জনাইছে গৱেষকে৷ ৰাতি টোপনি যোৱাৰ সময়ত লাইট জ্বলাই শোৱাৰ অভ্যাস আপোনাৰো আছে নেকি? সাৱধান হওক৷ গৱেষকৰ এটা আন্তৰ্জাতিক দলৰ নেতৃত্বত পৰিচালিত এটা গৱেষণাত দেখা গৈছে যে ৰাচি শোৱাৰ সময়ত পোহৰৰ সংস্পৰ্শত থাকিলে হূদৰোগৰ সম্ভাৱনা বাঢ়ে৷ৰাতিৰ পোহৰে চাৰ্কাডিয়ানত ব্যাঘাত ঘটায়, যি প্ৰতিকূল হূদৰোগৰ ফলাফলৰ কাৰণে পৰিচিত সম্ভাৱনাৰ কাৰণ৷ সেয়ে পাৰ্ছোনাল লাইটৰ সংস্পৰ্শলৈ অহাৰ বাবে এজন ব্যক্তিৰ হূদৰোগৰ সম্ভাৱনা বাঢ়ি যাব পাৰে৷ ৮৮৯০৫ গৰাকীৰ ওপৰত কৰা এটা গৱেষণাত এই তথ্য প্ৰকাশিত হৈছে৷ ফ্লিণ্ডাৰ্ছ হেলথ এণ্ড মেডিকেল ৰিছাৰ্চ ইন্ষ্টিটিউটৰ গৱেষকে ব্ৰিটেইন আৰু মাৰ্কিন যুক্তৰাষ্ট˜ৰ সহকৰ্মীসকলৰ লগত লৈ কৰিছে৷ আনহাতে ৰাতি পোহৰ অবিহনে শোৱাসকলৰ হূদৰোগৰ সম্ভৱনা কম বুলি জানিবলৈ দিয়ে৷ আনহাতে ৰাতি পোহৰত শোৱাটো মহিলাসকলৰ ক্ষেত্ৰত বেছি ক্ষতিকৰ হ’ব পাৰে বুলিও কোৱা হৈছে৷ এই পোহৰে হূদৰোগ আৰু কৰোনাৰি আৰ্টাৰিৰ ৰোগৰ লগতে এক শক্তিশালী সম্পৰ্ক আছে৷ ৰাতি টোপনিৰ সময়ত লোৱা পোহৰে তৰুণসকলৰ হূদৰোগ আৰু এণ্ট্ৰিয়াল ফাইব্ৰিলেশ্যনৰ সম্ভাৱনা বৃদ্ধি কৰে৷ এই গৱেষকৰ দলটোৱে প্ৰায় এক কোটি ত্ৰিছ লাখ ঘণ্টা ব্যক্তিগত পোহৰ এক্সপোজাৰ ডেটা ব্যৱহাৰ কৰিছে৷ দেখা গৈছে যিসকলে ৰাচি উজ্জ্বল পোহৰত টোপনি মাৰে, তেওঁলোকৰ কৰোনাৰি ধমনী ৰোগ, মায়োকাৰ্ডিয়াল ইনফাৰ্কশ্যন [হাৰ্ট এটেক], হাৰ্ট ফেইলৰ, এট্ৰিয়াল ফাইব্ৰিলেশ্যন আৰু ষ্ট˜’ক হোৱাৰ সম্ভাৱনা এন্ধাৰত শোৱা লোকসকলতকৈ যথেষ্ট বেছি৷