হৃৎপিণ্ড সুস্থ কৰি ৰাখিবলৈ এইদৰে চাপ নিয়ন্ত্ৰণ কৰক

0
2

আধুনিক জীৱন দাৰাত অভ্যস্তৰ ষ্ট্ৰেচ বা চাপো অধিক বেছি৷ অফিচ, সাংসাৰিক বোজা, কামৰ হেঁচা বিভিন্ন কাম চাপৰ কাৰণ হ’ব পাৰে৷ মনৰ এইধৰণৰ চাপে হৃৎপিণ্ডৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়৷ সেয়ে চাপৰ সৈতে আপোচ নকৰিলে চাপ জয় কৰাৰ উদ্যোগ লোৱা জৰুৰী৷ চাপমুক্ত বা চাপ নোহোৱা কৰিবলৈ প্ৰথম ঢাপ হ’ল জীৱনটোক সহজভাৱে গ্ৰহণ কৰা৷ জীৱনৰ সৌন্দৰ্যক আৱিষ্কাৰ কৰা৷ দৈনিক এবাৰ মূৰৰ ওপৰত থকা আকাশখনলৈ চালে দেখিব কেতিয়াবা মেঘেৰে আৱৰা ক’লা আকাশ, বৰষুণ হোৱাৰ পাছত এখন ফৰকাল আকাশ প্ৰত্যক্ষ কৰাৰ লেখীয়া জীৱনতো বহু ঘাত-প্ৰতিঘাত, সমস্যা, চিন্তা-ভাবনাৰ ক’লা ডাৱৰে বেৰি ধৰিব, কিন্তু এইবোৰ আঁতৰি যোৱাৰ পাছত ফৰকাল আকাশখনৰ দৰে জীৱনটোও স্বচ্ছ হৈ পৰে৷ অৰ্থাৎ জীৱনক লৈ অতিৰিক্ত ভাবনা ভাল নহয়৷ অতীততো আপোনাৰ হাতত নাই, ভৱিষ্যতটো আপুনি শতভাগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে৷ সেয়ে বৰ্তমানটোক সুন্দৰ কৰি তোলক৷ নিজৰ খুটি-নাটিবোৰ সহজভাৱে গ্ৰহণ কৰক৷ মানসিক চাপ নিয়ন্ত্ৰণৰ কিছু অভ্যাস গঢ় দিয়ক৷
হাঁহিলে মানসিক চাপ কমে৷ হঁহাৰ ফলত চাপৰ লগত সম্পৰ্কিত হৰমনৰ মাত্ৰা কমি যায়৷ হৃদপিণ্ড সুস্থ থাকে৷ কৰ্মব্যস্ততাৰ বাবে আজিকালি বহুতেই হঁাহিবলৈ পাহৰি যায়৷ সেয়ে সময়-সুবিধা মিলাই হাস্যৰসিক কমেডি ছবি, ভিডিঅ’ চাওক, কিতাপ পঢ়ক, অথবা হাঁহিৰ অনুষ্ঠান চাপ পাৰে৷ কিছুমান ৰিলেও হাঁহিৰ সৃষ্টি কৰি মানসিক চাপ কমাব পাৰে৷
শৰীৰচৰ্চা কৰিলে অকল শৰীৰটোৱে সুস্থ থাকে তেনে নহয়, মনৰ চাপো কমাই ৰাখে৷ অৰ্থাৎ শৰীৰচৰ্চাই পৰোক্ষ বা প্ৰত্যক্ষভাৱে আপোনাৰ হৃদপিণ্ড সুস্থ ৰখাত সহায় কৰে৷ আনহাতে মানসিক চাপ কমাই ৰাখিবলৈ একমাত্ৰ তথা অন্যতম মাধ্যম হৈছে ধ্যান৷ সেয়ে নিয়মিত ধ্যান কৰক, প্ৰাৰ্থনাত নিমগ্ন হওক৷ মূৰৰ ওপৰত চিন্তাৰ অত্যধিক বোজাৰ ভাৰ কমাবলৈ যোগাসন, ধ্যান কৰিলে বহুতেই সুফল পাব৷
অৱসন্ন অশান্ত মন সুন্দৰ কৰিবলৈ দূৰ ভ্ৰমণ কৰক, প্ৰকৃতিৰ মাজত সময় কটাওক৷ কোনো প্ৰাকৃতিক পৰিৱেশ, নিৰিবিলি পৰিৱেশত সুস্থ বায়ু সেৱন কৰি ঘৰৰ সদস্যৰ সৈতে সময় কটালে মানসিক চাপ একেবাৰে নোহোৱা হয়৷ আনহাতে ঘৰৰ ফুলনিৰ বাগিচা, শাকনিডৰাত বা বাৰীত গছ-গছনিৰ যত্ন ল’লে মানসিক তৃপ্তি পোৱা যায় আৰু এই কামে আপোনাক মানসিক চাপৰ পৰা মুক্ত ৰাখিব৷ যাৰ ফলত হৃৎযন্ত্ৰও সুস্থ-সবল হৈ থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here