Daily newsFitness PlusHealth NaturallyHealth Talksচিকুনগুনিয়াৰ সংক্ৰমণৰ বিষ কিদৰে নিৰাময় কৰিব?By Health Plus - August 21, 202502Facebook Twitter Pinterest WhatsApp দেশত সম্প্ৰতি চিকুনগুনিয়াৰ সংক্ৰমণ বাঢ়িছে৷ চিকুনগুনিয়া ভাইৰাছৰ সংক্ৰমণৰ এটা বিশেষ লক্ষণ হৈছে শৰীৰৰ অসহ্য বিষ হয়৷ অস্থিসন্ধিত প্ৰদাহ হৈ বিষ মাত্ৰা বঢ়াই দিয়ে৷ এই বিষ নিৰাময়ৰ বাবে চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন যদিও নিজেও কিছুমান অভ্যাস আৰু পদ্ধতি অনুসৰণ কৰিলে শাৰীৰিক ব্যথা কিছু হ’লেও উপশম পাব পাৰি৷বেছিভাগ ৰোগীৰ ক্ষেত্ৰত বিষৰ মাত্ৰা বেছি অনুভৱ কৰি সীমা চেৰাই যায়৷ কিন্তু এই বিষৰ লক্ষণ হৈছে বিশ্ৰাম বা জিৰণিত থাকিলে বিষ বেছিকৈ অনুভৱ হয়, কিন্তু শৰীৰ সচল কৰি ৰাখিলে বিষ কমি থাকে৷ সেয়ে প্ৰথমতে একেবাৰে লঘু শৰীৰচৰ্চা কৰাৰ অভ্যাস কৰি পাছলৈ ব্যায়ামৰ মাত্ৰা বঢ়াই দিব পাৰে৷শৰীৰৰ ওজন বেছি থাকিলে অতিৰিক্ত ওজনৰ চাপে বিষ প্ৰকোপ বঢ়াই দিয়ে৷ বিশেষকৈ কঁকাল, হাত, গোৰোহাৰ বিষ অতিৰিক্ত ওজন বঢ়াই দিয়ে৷ সেয়ে যিসকলৰ ওজন তুলনামূলকভাৱে বেছি তেওঁলোকে বিষ কমাবলৈ ওজন কমাবলৈ যত্ন কৰা উচিত৷এইধৰণৰ বিষত গৰম সেকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ বিশেষকৈ কিছু অংশ স্থবিৰ হৈ থাকে, সেইবোৰ অংশত গৰম সেক দিলে ৰক্ত সঞ্চালন বাঢ়ি বিষ প্ৰশমন হয়৷ আনহাতে প্ৰদাহৰ মাত্ৰা বেছি হ’লে গৰম হৈ ফুলি গ’লে কোল্ড পেক দিব লাগে৷নিয়মিত পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা প্ৰয়োজনীয়৷ ফল-মূল, শাক-পাচলি প্ৰতিদিনেই খাদ্যত থাকিব লাগে৷ চেনিযুক্ত খাদ্য, অতিৰিক্ত শৰ্কৰা কমকৈ খোৱা উচিত৷ প্ৰক্ৰিয়াজাত খাদ্য পৰিহাৰ কৰক৷এই বিষ মানসিক চাপৰ লগত সম্পৰ্কিত৷ মানসিক দুশ্চিন্তা, অৱসাদ, হতাশা আদিয়ে বিষ প্ৰকোপ বঢ়াই দিয়ে৷ সেয়ে মেডিটেশ্যন, কগনিটিভ বিহেভিয়ৰ থেৰাপী আদি কৰিলে মন প্ৰফুল্লিত থাকে৷ ডিপ ব্ৰিডিং বা শ্বাসৰ ব্যায়াম কৰিলেও বিষ প্ৰশমন হয়৷ধূমপান বা অতিৰিক্ত মদ্যপানে শৰীৰৰ বিষ-বেদনা বঢ়াই দিয়ে৷ সেয়ে এইধৰণৰ বদঅভ্যাসবোৰ পৰিত্যাগ কৰি পানী সঠিক মাত্ৰা সেৱন কৰক৷টোপনি ঠিকমতে নহ’লে বাতবিষ বাঢ়ে৷ সঠিক মাত্ৰা টোপনি মৰাৰ চেষ্টা কৰক৷লঘু ধৰণৰ মাছাজে শৰীৰৰ ৰক্ত সঞ্চালন বঢ়াই বিষৰ প্ৰকোপ কমাব পাৰে৷ এইধৰণৰ অভ্যাসবোৰ কৰাৰ উপৰি বিষ নিৰাময়ৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন৷