Beauty PlusDaily newsFitness PlusHealth NaturallyHealth Talksকেঞ্চাৰৰ সম্ভাৱনা পৰা বাচিবলৈ এইবোৰ অৱহেলা নকৰিবBy Health Plus - August 21, 202502Facebook Twitter Pinterest WhatsApp কেঞ্চাৰৰ প্ৰাদুৰ্ভাৱ ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ দিনক দিনে আক্ৰান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ কিছু কিছু কেঞ্চাৰৰ বাহ্যিক প্ৰকাশ থাকে৷ কোনো ধৰণৰ ঘা, আলচাৰ, ৰক্তক্ষৰণ আদি৷ যিবোৰ অধিকাংশ ক্ষেত্ৰতে কেঞ্চাৰ বুলি ভবা নাযায়৷ যাৰ ফলত সেই সৰু সমস্যাটো উপযুক্ত চিকিৎসাৰ অভাৱত কেঞ্চাৰৰ দৰে ভয়াৱহ পৰ্যায়ত উপনীয় হয়৷ সেয়ে কিছুমান লক্ষণ দেখিলেই অৱহেলা নকৰি চিকিৎসা কৰা দৰকাৰ৷ বৰ্তমান দেশত অৰেল কেঞ্চাৰত আক্ৰান্তৰ সংখ্যা বাঢ়িছে৷ ধঁপাতজাতীয় দ্ৰব্য তামোল, চুপাৰি এই ক্ষেত্ৰত দায়ী৷ মুখৰ ভিতৰত কোনোধৰণৰ সৰু ক্ষত অৱহেলা নকৰিব, মাৰাত্মক হ’ব পাৰে৷ পুৰুষৰ সমানে মহিলাসকলো এতিয়া নিচাগ্ৰস্ত অৰ্থাৎ ধূমপান, মাদকদ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈছে৷ চিগাৰেট সেৱন কেঞ্চাৰৰ কাৰণ বুলি জানিও এই নিচাত আসক্ত হয় কম বয়সীয়াসকল৷ আনকি দেখা যায়, কাহত ভুগি আছে, শ্বাসকষ্টত কষ্ট পাইছে, তথাপি কিন্তু ধূমপান এৰা নাই৷ ইয়াৰ ফলত এই সমস্যা আৰু ভয়াৱহ হৈ উঠিব পাৰে৷ হঁাওফাঁওৰ কেঞ্চাৰৰ অন্যতম কাৰণ এই বদঅভ্যাস৷বহদিন ধৰি গেছৰ সমস্যাত ভুগি আছে৷ গেছৰ টেবলেট খাই বিষ কমাই ৰখা বা সমস্যা ইতি পৰা বুলি ধৰাটো ভুল৷ বহুদিন ধৰি এনে হৈ থাকিলে গেছট্ৰিক আলচাৰৰ লক্ষণ৷ আলচাৰৰ প্ৰথম পৰ্যায়ত চিকিৎসা কৰা জৰুৰী৷ কমতে পৰীক্ষা কৰা প্ৰয়োজন যে সেই আলচাৰ কেঞ্চাৰাছ নে নন-কেনছাৰাছ৷ অথবা ষ্টমাক কেঞ্চাৰৰ পূৰ্বাভাস হ’ব পাৰে৷মহিলাসকলৰ ক্ষেত্ৰত গোপন অংগত বা স্তনত কোনো সমস্যা হ’লে গোপনে ৰখাৰ প্ৰৱণতা বেছি৷ কিন্তু শৰীৰৰ ৰোগ লুকাই-চুৰকৈ ৰখাটো আজিৰ দিনত মূৰ্খতাৰ পৰিচয়৷ স্তনত কোনো ধৰণে শক্ত টিউ×মাৰ, নিপলৰ কোনো পৰিৱৰ্তন লক্ষ্য কৰিলে সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন৷মলৰ সৈতে ৰক্তপাত বা তেজ গ’লে বহুতেই ইয়াক অৰ্শৰ সমস্যা বুলি ভাবে আৰু কোষ্ঠকাঠিন্য বা অৰ্শৰ বিভিন্ন চিকিৎসা কৰি থাকে৷ এই ক্ষেত্ৰত নিজে কিছু সিদ্ধান্ত লৈ বিশেষজ্ঞ চিকিৎসকলৰ ওচৰলৈ যোৱা প্ৰয়োজন৷ কাৰণ কোলন কেঞ্চাৰে এনেদৰে প্ৰাণ সংশয় হ’ব পাৰে৷ আনহাতে যিসকলৰ কেঞ্চাৰ ৰোগ পাৰিবাৰিক হিষ্টি˜ থাকে, তেওঁলোকেও সমস্যা নহ’লেও কেঞ্চাৰ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী৷