Daily newsFitness PlusHealth NaturallyHealth Talksআলঝেইমাৰক দমন কৰাৰ উপায় পালে বিজ্ঞানীয়েBy Health Plus - August 18, 202502Facebook Twitter Pinterest WhatsApp আলঝেইমাৰ ৰোগ নিয়ন্ত্ৰণৰ উপায় উলিয়ালে বিজ্ঞানীয়ে৷ ওজন ডেৰ কিলোগ্ৰামতকৈও কম৷ আৰু সেই মস্তিষ্কই মানুহৰ জীৱন যাত্ৰাৰ মান সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰে৷ সেয়ে মস্তিষ্কৰ সুস্থ কৰি ৰখাটো সকলোতকৈ গুৰুত্বপূৰ্ণ৷ কিন্তু কিদৰে বুজিব মস্তিষ্কৰ নিৰ্দিষ্ট কোষবোৰ সুস্থ আছেনে নাই৷ মানুহৰ গড় আয়ুস যিদৰে বাঢ়িছে, ইয়াৰ ফলত এনে কিছুমান মানুহৰ সংখ্যাও বাঢ়িছে, যিসকলৰ স্মৃতি দ্ৰুতভাৱে কমি বা হেৰাই গৈছে৷ চিকিৎসকে স্পষ্টকৈ জনাইছে ইয়াক নিৰাময়ৰ কোনো ঔষধ প্ৰকাশ্যে নাই৷ ৰোগবিধ আলঝেইমাৰ, যাৰ চিকিৎসা সেৱা ওলোৱাৰ ক্ষেত্ৰত বিশ্বই বিফল হৈছে৷ ইয়াৰ মাজতে ৰোগবিধ নিয়ন্ত্ৰণত ৰখাৰ এটা উপায় উলিয়াইছে বিজ্ঞানীয়ে৷ মাছাচুচেটছ জেনেৰেল হস্পিটেলৰ গৱেষকে জনাইছে যে শৰীৰচৰ্চাই এনে এবিধ উপায়, যিয়ে আলঝেইমাৰৰ দৰে মাৰাত্মক ৰোগক নিয়ন্ত্ৰণ কৰিব পাৰে৷স্নায়ুবিজ্ঞানে কৈছে যে স্মৃতি আচলতে এক জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়া৷ মস্তিষ্কৰ ভিতৰত লাখ কোটি স্নায়ুকোষৰ [নিউৰন] আদান-প্ৰদানৰ জৰিয়তে স্মৃতি প্ৰস্তুত হয়৷ যিকোনো কোষৰ দৰে স্নায়ুকোষে তৈয়াৰ হয় প্ৰ’টিনেৰে৷ যেতিয়া এই কোষবোৰৰ প্ৰ’টিন ভাঙি যায়, তেতিয়া এইবোৰৰে সৃষ্টি কৰা স্মৃতিৰো খেলিমেলি হয়৷ মস্তিষ্কৰ হিপ্পোকেম্পাছ অংশত এনে পৰিৱৰ্তন হয়, যি স্মৃতিত ধূসৰ হৈ থাকে৷ সেয়ে শৰীৰচৰ্চা কৰিলে এই অংশটো সক্ৰিয় হৈ উঠে৷ মস্তিষ্কৰ কোষ নতুনকৈ তৈয়াৰ হয়৷ য.াৰ বাবে স্মৃতিশক্তি উন্নত হয়৷ নেচাৰ নিউৰ’ ছায়েন্সৰ গৱেষণাপত্ৰত এই গৱেষণাৰ তথ্য প্ৰকাশিত হৈছে৷ এন্দুৰৰ ওপৰত পৰীক্ষা কৰি এই বিষয়ে নিশ্চিত হয় গৱেষকে৷ আনহাতে হিপ্পোকেম্পাছ হ’ল মস্তিষ্কৰ স্মৃতিৰ কুঠৰি, য’ত স্মৃতি সংৰক্ষণ হৈ থাকে৷ এই অংশতে আৰু এটা অংশ থাকে, যাৰ নাম ডেণ্টেট জাইৰাছ৷ এই অংশটোৱে স্মৃতি সংৰক্ষণ কৰে আৰু স্মৃতি তৈয়াৰ কৰে৷ শৰীৰচৰ্চা কৰাৰ ফলত এই অংশটো সক্ৰিয় হৈ উঠে৷ মস্তিষ্কৰ কোষ নতুনকৈ সৃষ্টি হয়৷ যাৰ ফলত স্মৃতিৰ কুঠৰি সজীৱ তথা সক্ৰিয় হৈ থাকে৷ মগজুৰ স্বাস্থ্যৰ বাবে শৰীৰচৰ্চাৰ বহুতো উপকাৰ আছে৷ গৱেষণাত দেখা গৈছে যে শৰীৰচৰ্চাই মস্তিষ্কৰ ৰক্ত প্ৰবাহ বৃদ্ধি কৰে, যিয়ে নিউৰনবোৰত অক্সিজেন আৰু পুষ্টি সৰবৰাহ উন্নত কৰে৷ আনহাতে মস্তিষ্কৰ ভিতৰত প্ৰতিৰক্ষাৰ বাবে এখন আৱৰণ বা বেৰ থাকে৷ তাত বিশেষধৰণৰ কিছু কোষ থাকে, যিয়ে মস্তিষ্কক জীৱাণুৰ সংক্ৰমণ, সৰু আঘাত আদিৰ পৰা ৰক্ষা পৰে৷ তেনে এটা কোষ হ’ল মাইক্ৰগ্লিয়া৷ এই কোষ সজীৱ হৈ থাকিলে স্মায়ুৰ উপকাৰিতা বাঢ়ে, স্মৃতিশক্তি উন্নত হয়৷ শৰীৰচৰ্চাই এই কোষবোৰ উজ্জীৱিত কৰে৷ আলঝেইমাৰৰ দৰে ৰোগক দমন কৰা, স্মৃতিশক্তি বিলোপৰ আশংকা নাইকিয়া কৰিবলৈ নিয়মিত শৰীৰচৰ্চা কৰা প্ৰয়োজন৷