মদ্যপান ত্যাগৰ ১৮০ দিনতেই পাব নতুন জীৱন

0
5

মদ্যপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ এই কথা জনাৰ পাছতো বহুতেই মদ কোৱাৰ অভ্যাস ত্যাগ কৰিব নোৱাৰে৷ মদ সেৱনৰ ফলত দেহত অভূতপূৰ্ব ক্ষতি তথা ৰোগে নেৰা হ’লেও লুকাই-চুৰকৈ হ’লেও এটোপাল মদ সেৱন কৰাৰ চেষ্টা চলাই বহুতেই৷ মদ্যপানৰ অভ্যাসে অকল নিজকে ধবংস নকৰে, এই অভ্যাসে সমূহ পৰিয়ালতে ব্যাপক প্ৰভাৱ পেলায়৷ মদ্যপান অভ্যাসৰ নেপথ্যত আছে দীৰ্ঘদিনৰ আসক্তি আৰু পাৰিপাৰ্শ্বিক পৰিস্থিতি৷ অৱশ্যে মদ্যপানৰ অভ্যাস ত্যাগ কৰি পুনৰ জীৱন লাভ কৰা তথা মদ্যপানৰ অভ্যাস সম্পূৰ্ণৰূপে বাদ দি এটা সুন্দৰ জীৱন লাভ কৰাও বহুত মানুহ আছে৷ কিন্তু মদ্যপান ত্যাগ কৰাৰ পাছত দেহত কি কি পৰিৱৰ্তন ঘটে, সেই বিষ্‌য়ে বহুতৰে স্পষ্ট ধাৰণা নাই৷ একাধিক গৱেষণা তথা সমীক্ষাত দেখা গৈছে যে মদ্যপান ত্যাগৰ পাছত ব্যক্তিজনৰ জীৱন-যাপন তথা স্বাস্থ্যৰ উন্নতি হয়৷ পাবমেড জাৰ্নালত প্ৰকাশিত এক গৱেষণা পত্ৰত জনা গৈছে যে এলকহলৰ পৰা লিভাৰ চিৰোছিছত আক্ৰান্ত ব্যক্তিয়ে ছমাহ মদ্যপান ত্যাগ কৰাৰ পাছত তেওঁলোকৰ লিভাৰ সংক্ৰান্তীয় জটিলতা বহু শতাংশ কমি যায়৷ আন এটা সমীক্ষাত দেখা গৈছে যে তিনিৰ পৰা ছমাহ মদ্যপান ত্যাগ কৰিলে ব্যক্তিজনৰ যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পায়৷ উদ্বেগ কমি যায়, অৱসাদ মুক্ত হৈ মন শান্ত হৈ পৰে৷ মদ্যপান অভ্যাস বন্ধৰ ১৪ দিনৰ ভিতৰত উল্লেখযোগ্যভাৱে টোপনিৰ গুণগত মানৰ উন্নতি ঘটে৷ চকুৰ তলৰ ফুলা ভাব আৰু ছালৰ শুষ্কতা নোহোৱা হয়৷ লিভাৰৰ বিভিন্ন উৎসেচকৰ ক্ষৰণ পুনৰায় বৃদ্ধি পায়৷ ইয়াৰ উপৰি উইথড্ৰয়াল চিনড্ৰোমৰ পৰা হোৱা উদ্বেগ, সঘনাই শৰীৰৰ পৰা ঘাম বাহিৰ হোৱা তথা মেজাজৰ পৰিৱৰ্তন কমিবলৈ আৰম্ভ কৰে৷ মদ্যপানৰ এমাহৰ ভিতৰত লিভাৰৰ ফেটৰ পৰিমাণ পোন্ধৰৰ পৰা বিশ শতাংশ কমি যায়৷ স্থূলকায় ব্যক্তিজনে এই ক্ষেত্ৰত ওজন কমে৷ ৰক্তচাপ আৰু কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে৷ এনাৰ্জিৰ সমস্যা দ্ৰুতগতিত কমি যায়৷ মদ্যপান ত্যাগৰ তিনি মাহৰ পৰা ছমাহৰ ভিতৰত লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি পায়৷ পেটৰ স্বাস্থ্যৰ উন্নতি হয়৷ স্তন কেঞ্চাৰৰ সম্ভাৱনা কমি থাকে৷ মদ্যপান ত্যাগ কৰিলে পেচাগত কামৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পায় বুলি দাবী কৰিছে সমীক্ষাটোত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here