মানৱ দেহৰ জিনৰ গঠনগত পৰিৱৰ্তন কৰিছে বায়ু প্ৰদূষণে৷ ইয়াৰ লগতে হাঁওফাঁওৰ কেঞ্চাৰৰ যোগসূত্ৰৰ সন্ধান পাইছে গৱেষকে৷ হঁাওফাঁওৰ কেঞ্চাৰৰ ক্ষেত্ৰত ডি এন এৰ গঠনগত পৰিৱৰ্তনৰ লগত বায়ু প্ৰদূষণৰ সম্পৰ্ক আছে৷ দেখা গৈছে যে যিসকলে ধূমপান সেৱন নকৰে, তেওঁলোকৰ হাঁওফাঁওৰ কেঞ্চাৰৰ একমাত্ৰ কাৰণ হৈছে বায়প প্ৰদূষণ৷ সম্প্ৰতি এক গৱেষণাত এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে৷ হঁাওফাঁওৰ কেঞ্চাৰক লৈ সম্প্ৰতি ইউনিভাৰছিটি অব কেলিফৰ্নিয়াৰ এদল গৱেষকে পৰীক্ষা কৰিছিল৷ এই ক্ষেত্ৰত ইউৰোপ, আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ ৮৭১গৰাকী কেঞ্চাৰ কেঞ্চাৰ আক্ৰান্ত ৰোগীৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছিল৷ যাক ছাৰ্লক লাং ষ্টাডি বোলা হয়৷ উল্লেখ্য যে তেওঁলোকে কেতিয়াও ধূমপান কৰা নাছিল৷ তেওঁলোকৰ ক্ষেত্ৰত হাঁওফাঁওৰ যি টিউমাৰ পোৱা গৈছে, তাৰ সম্পূৰ্ণ জেনেটিক কোডৰ বিশ্লেষণ কৰিছে গৱেষকে৷ গৱেষকে দেখা পাইছে টিপি ৫৩ জিনৰ গঠনগত পৰিৱৰ্তনৰ ক্ষেত্ৰত দায়ী বায়ু প্ৰদূষণ৷ আগতে এই বিশেষ জিনৰ গঠনগত পৰিৱৰ্তনৰ কাৰণে ধূমপানকে দায়ী কৰা হয়৷ কিন্তু এইবাৰ নেপথ্যত প্ৰদূষণৰ উপস্থিতিয়ে গৱেষকৰ চিন্তাৰ কাৰণ হৈছে৷ গৱেষকে কোৱা মতে ধূমপানৰ ফলত জিনৰ যি গঠনগত ৰূপান্তৰ ঘটে, সেয়া বায়ু প্ৰদূষণৰ ফলতো হ’ব পাৰে৷ উল্লেখ্য যে বৰ্তমান প্ৰতিবছৰে সমগ্ৰ বিশ্বতে প্ৰায় ২৫ লাখ লোক হাঁওফাঁওৰ কেঞ্চাৰত আক্ৰান্ত হৈছে৷