কেম’থেৰাপী বা ৰেডিয়েশ্যন অবিহনে কেঞ্চাৰৰ চিকিৎসা

0
11

কেঞ্চাৰক নিয়ন্ত্ৰণ কৰিবলৈ আধুনিক চিকিৎসা বিজ্ঞানে অহৰহ চেষ্টা অব্যাহত ৰাখিছে৷ ইয়াৰ অংশ হিচাপে এইবাৰ দক্ষিণ কোৰিয়াৰ এজন বিজ্ঞানীয়ে দাবী কৰিছে যে তেওঁ উদ্ভাৱন কৰা এক বিশেষ পদ্ধতিৰ জৰিয়তে কেম’থেৰাপী অথবা ৰেডিয়েশ্যনৰ জৰিয়তে কেঞ্চাৰক প্ৰতিহত কৰিব পৰা যাব৷ উল্লেখযোগ্য যে আধুনিক যুগত কেঞ্চাৰ ৰোধৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা প্ৰস্তুত হৈছে৷ ইয়াৰ ভিতৰত সকলোতকৈ কাৰ্যকৰী হৈছে কেম’থেৰাপী বা ৰেডিয়েশ্যন৷ এইবোৰে কেঞ্চাৰ কোষক ধবংস কৰি দেহত মাৰাত্মক প্ৰভাৱ পেলায়৷ সেয়ে এতিয়া নতুন চিকিৎসা পদ্ধতিয়ে সকলোৰে অবাক কৰিছে৷ এই পদ্ধতিৰ জৰিয়তে আন কোষ নষ্ট অবিহনে কেঞ্চাৰ কোষ ধ্বংস কৰে৷ বোলেন নেটৱৰ্ক ইনফেৰেন্স নামৰ এটা কম্পিউটাৰ ছিষ্টেম কৰা হয়৷ তাৰ পৰা গৱেষণা কৰি কোলন কেঞ্চাৰৰক নতুনকৈ ৰিপ্ৰগ্ৰাম কৰাৰ কাম কৰিছে৷ ইয়াৰ দ্বাৰা কেঞ্চাৰক শৰীৰৰ এটা সাধাৰণ ৰোগৰ দৰে গণ্য কৰা হয়৷ এই কামত গৱেষকক বিশেষ সহায় কৰিছে এ আয়ে৷ বৰ্তমান আন প্ৰাণীৰ দেহত প্ৰয়োগ কৰি সফলতা পোৱাৰ চেষ্টা কৰা হৈছে৷ যদি ইয়াত সফল হোৱাৰ যায়, তেন্তে মানুহৰ ওপৰতো ইয়াক পৰীক্ষা কৰা হ’ব৷ এই পৰীক্ষা সফল হ’লে হয়তো বহু সাধাৰণ মানুহে পাব জীৱনৰ ছন্দ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here