এছপাৰগিলাছ ফুমিগেটাছ নামৰ ভেঁকুৰবিধৰ দ্ৰুতগতিত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ যাৰ বাবে ক্ৰমশঃ অসুস্থ হৈছে মানুহ৷ বতাহত সহজে ভাহি আহি আক্ৰমণ কৰিছে মানুহক৷ যাৰ ফলত ভীষণ পৰিণাম ভুগিবলগীয়া হৈছে৷ আমেৰিকাৰ বিভিন্ন ঠাইত বিস্তাৰিত হৈছে ইয়াৰ ভয়াৱহতা তথা সংক্ৰমণ৷ সাধাৰণতে দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাসম্পন্ন মানুহৰ বাবে মাৰাত্মক হৈ উঠিছে এই ৰোগ৷ এই ভেঁকুৰৰ সংক্ৰমণৰ পৰিণাম অতি ভয়ংকৰ, যিয়ে শৰীৰৰ ভিতৰভাগ একেবাৰে পচাই দিব পাৰে৷ ফ্লৰিডা, লুইছিয়ানা, টেক্সাছ, জৰ্জিয়া, কেলিফৰ্নিয়াৰ দৰে ৰাজ্যসমূহত ইয়াৰ লক্ষণীয়ভাৱে সংক্ৰমণ ঘটিছে৷ সম্প্ৰতি এই ৰোগক এইবাবে বিশ্ব স্বাস্থ্য সংস্থাই এছপাৰগিলাছ ফিউমিগাটাছক ক্ৰিটিকেল প্ৰায়োৰিটি পেথোজেন কেটেগৰিত তালিকাভুক্ত কৰিছে৷ আমেৰিকাৰ উষ্ণ আৰু আদ্ৰৰ্ জলবায়ুযুক্ত অঞ্চলত এছপাৰগিলাছ ফুমিগেটাছ বেছ দ্ৰুতগতিত বৃদ্ধি পাইছে৷ চেণ্টাৰছ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন অনুসৰি এই ভেঁকুৰবিধে বিশেষকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰে মানুহৰ শৰীৰৰ৷ দেখা গৈছে যে কেঞ্চাৰ ৰোগী, অংগ প্ৰতিস্থাপন হোৱা লোক, এইচ আই ভি-এইডছত আক্ৰান্ত ব্যক্তিৰ সম্ভাৱনা বেছি থাকে৷ বিশেষজ্ঞৰ মতে বিশ্ব উষ্ণায়নৰ কাৰণে এই ভেঁকুৰ পৰিমাণ বৃদ্ধি পাইছে৷ উল্লেখ্য যে এছপাৰগিলাছ ফুমিগেটাছ এবিধ ছেপ্ৰোট্ৰফিক ভেঁকুৰ, যি মাটি, পচনশীল গছ-পাত আদিত পোৱা যায়৷ এই ভেঁকুৰবিধ বতাহতো বিয়পি থাকে৷ শ্বাস-প্ৰশ্বাসৰ জৰিয়তে মানুহৰ হাঁওফাঁওত প্ৰৱেশ কৰে৷ সাধাৰণতে সুস্থ-সবল মানুহ যিসকলৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল, তেনে লোকক আক্ৰমণ নকৰে, কিন্তু দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাসম্পন্ন ব্যক্তিক সহজে আক্ৰমণ কৰে৷ এই ভেঁকুৰে শৰীৰৰ ভিতৰৰ টিছুবোৰক নষ্ট কৰিব পচাই পেলায়৷ তাৰ পাছত লাহে লাহে হাঁওফাঁও, মস্তিষ্ক, কিডনীৰ দৰে প্ৰধান অংগবোৰক আক্ৰমণ কৰি পচাই দিয়ে৷