Diet PlusFitness PlusHealth NaturallyHealth Talksআম অকল সুস্বাদুইনে? জানক ইয়াৰ উপকাৰিতাBy Health Plus - July 26, 202504Facebook Twitter Pinterest WhatsApp আম এবিধ অতি সুস্বাদু ফল৷ গ্ৰীষ্মকালত পোৱা ফলসমূহৰ ভিতৰত আম সকলোতকৈ আকৰ্ষণীয় আৰু এবিধ পুষ্টিকৰ ফল৷ আমত প্ৰচুৰ পৰিমাণে ভিটামিন-এ আৰু ভিটামিন-চি পোৱা যায়৷ ইয়াৰ উপৰি কেলচিয়াম, ফচফৰাছ, ছডিয়াম, পটাচিয়াম, কপাৰ, মেগনেচিয়াম, ক্লৰিন আদিৰে আম ভৰপূৰ৷ আমাৰ স্বাস্থ্যৰ কাৰণে আম অতি উপকাৰী৷ বিভিন্ন পুষ্টিগুণেৰে সমৃদ্ধ আম খালে কি লাভ হয় জানো আহক৷আমত যথেষ্ট পৰিমাণৰ ভিটামিন-চি পোৱা যায়, যি ছালৰ বাবে অত্যন্ত কাৰ্যকৰী৷ ছালৰ বিভিন্ন ৰোগ তথা সমস্যাৰ বাবে আম খোৱাটো জৰুৰী৷পকা আমে হৃদযন্ত্ৰ সুস্থ আৰু সবল কৰি ৰখাত সহায় কৰে৷ আনহাতে পকা আমে বীৰ্যবৰ্ধনতো সহায় কৰে৷উচ্চ ৰক্তচাপৰ কাৰণে আমৰ ৰস যথেষ্ট উপকাৰী৷দেহৰ বল বৃদ্ধি তথা শৰীৰৰ গঠনত আমে ধনাত্মক ভূমিকা গ্ৰহণ কৰে৷প্ৰতিদিনে ২০০ গ্ৰামকৈ আম খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি হোৱাৰ উপৰি চকুৰ বিভিন্ন সমস্যা সমাধানত অৰিহণা যোগায়৷গৰ্ভৱতী মহিলাৰ বাবে আম যথেষ্ট উপকাৰী৷ আমে শৰীৰ সু্স্থ কৰি ৰখাত সহায় কৰে৷ৰাতি আমৰ ৰসৰ সৈতে গাখীৰৰ মিহলাই খালে টোপনি ভাল হয়৷