ওঁঠ ক’লা পৰা সমস্যাৰ পৰা সমাধান পাবলৈ আপোনাৰ ৰান্ধনী ঘৰৰ লুকাই আছে সমাধানৰ উপায়৷ বহু সময়ত লক্ষ্য কৰা যায় যে ওঁঠযুৰি ক্ৰমে ক’লা হৈ গৈছে৷ এই ওঁঠ ক’লা পৰাৰ আছে বহুতো কাৰণ৷ ধূমপান সেৱন, শৰীৰত পানীৰ অভাৱ, কিছুমান ৰোগ তথা শৰীৰত হৰমনৰ পৰিৱৰ্তন ইয়াৰ মাজত অন্যতম প্ৰধান কাৰণ৷ কিন্তু ইয়াৰ চিন্তাৰ কোনো কাৰণ নাই৷ কিয়নো ঘৰতে আছে ইয়াৰ সমাধান৷ ক’লা ওঁঠ সুন্দৰ তথা গোলাপী কৰি ৰাখিবলৈ কিছুমান প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰিলে সুফল পোৱা যায়৷ মৌ, নেমু, গাখীৰ, হালধি আদি প্ৰাকৃতিক উপাদান৷ যিয়ে ওঁঠৰ ক’লা দাগ নোহোৱা কৰাত সহায় কৰে৷ চেনি আৰু মৌৰ স্ক্ৰাবে ওঁঠক এক্সফোলিয়েট কৰে৷ ওঁঠৰ মৃত কোষ নোহোৱা কৰাত সহায় কৰে৷ যাৰ বাবে ওঁঠ নৰম আৰু উজ্জ্বল হয়৷ এই স্ক্ৰাব দৈনিক ব্যৱহাৰ কৰিব পাৰে৷ আনহাতে মৌ আৰু নেমুৰ মিশ্ৰণে ক’লা ওঁঠ পৰিষ্কাৰ কৰাত সহায় কৰে৷ ক’লা ওঁঠৰ সমস্যা হ’লে প্ৰতিদিনে এই মিশ্ৰণ ব্যৱহাৰ কৰিলে ৰঙৰ পৰিৱৰ্তন হয়৷ ইয়াৰ লগতে ওঁঠৰ আদ্ৰৰ্তাও ঘূৰি আহে৷ গাখীৰৰ সৈতে হালধিৰ এটা মিশ্ৰণ তৈয়াৰ কৰি দৈনিক ক’লা পৰা ওঁঠত ব্যৱহাৰ কৰিব৷ এই মিশ্ৰণ লগালে এসপ্তাহতে ওঁঠৰ ৰঙৰ পৰিৱৰ্তন হৈ ওঁঠ গুলপীয়া ৰঙৰ হ’ব৷ ঘৰুৱা এইবোৰ উপায়ৰ বাহিৰেও ওঁঠৰ সুস্থতা তথা সৌন্দৰ্যতাৰ বাবে দৈনিক পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰা জৰুৰী৷ আনহাতে চিগাৰেট, ধূমপান আদি ত্যাগ কৰাটো ছালৰ পক্ষে ভাল৷