১০ মিনিটৰ এই ব্যায়াম দৌৰাতকৈও ৬৮ শতাংশ কাৰ্যকৰী

0
3

আপোনাৰ যদি সময়ত অভাৱ, অথবা দৌৰিবলৈ ইতস্ততঃ বোধ হয়, তেনেহ’লে ১০ মিনিটৰ বাবে এই ব্যায়াম কৰিব পাৰে, যি ব্যায়াম শৰীৰৰ বাবে দৌৰাতকৈও ৬৮ শতাংশ কাৰ্যকৰী ফল দিয়ে৷ ব্যস্ততাপূৰ্ণ জীৱন প্ৰণালী, অফিচত কামৰ বোজা, যাতায়াতসহ বিভিন্ন দায়িত্বৰ কাৰণে ব্যায়াম কৰিবলৈ সময় উলিয়াব নোৱৰা অৱস্থা হয়৷ জিমলৈ যাবলৈ সময় উলিওৱা অসম্ভৱ হৈ পৰে৷ বহুতেই আকৌ বাহিৰত দৌৰাটো পচন্দ নকৰে৷ এনেধৰণৰ পৰিস্থিতিত নাছাৰ এটা গৱেষণাই হয়তো আপোনাকো সহায় কৰিব৷ নাছাৰ গৱেষণাৰ পৰা দেখা গৈছে যে মিনি ট্ৰাম্পোলিনেৰে মাত্ৰ ১০ মিনিট ৰিবাউণ্ডিং কৰা আধা ঘণ্টা জগিং কৰাতকৈ ৬৮ শতাংশ বেছি কাৰ্যকৰ৷ ৰিবাউণ্ডিং মূলতঃ এৰোবিক ব্যায়াম৷ এই ব্যায়ামে সৰু ট্ৰাম্পোলিনত জঁপিওৱা হয়৷ এইটো অভ্যাস স্মাৰ্ট আৰু কম সময়ৰ ৱৰ্কআউট৷ অৰ্থাৎ মাত্ৰ ট্ৰাম্পোলিনত জঁপিওৱাটো দৌৰাতকৈ বেছি সুবিধাজনক৷ ৰিবাউণ্ডিঙৰ ডাঙৰ সুবিধাটো হ’ল ইয়াত সম্পূৰ্ণ শৰীৰটোত সমানভাৱে প্ৰভাৱ বিস্তাৰ কৰে৷ যাৰ ফলত জয়েণ্টৰ ওপৰত চাপ কম পৰে৷ সেয়ে শক্তি, সহনশীলতা আৰু হূদযন্ত্ৰৰ শক্তি বৃদ্ধি পোৱাৰ লগতে শৰীৰৰ বহুতো উপকাৰ হয়৷ এই ব্যায়াম কৰিবলৈ হ’লে মাত্ৰ এটা মিনি ট্ৰাম্পোলিনৰ দৰকাৰ৷ ইয়াক সহজেই যিকোনো ঠাইতে ৰাখিব পাৰি৷ আপুনি নিজৰ সুবিধা অনুসৰি ইয়াত জঁপিয়াব পাৰে৷ ফিটনেছ লেভেল অনুযায়ী ইয়াত ৰিবাউণ্ডিং কাষ্টমাইজ কৰা যায়৷ ৰিবাউণ্ডিঙে দৌৰাৰ তুলনাত ৮৫ শতাংশপৰ্যন্ত ইমপেক্ট ষ্টে˜চ শোষণ কৰে৷ আপোনাৰ যদি দৌৰা, ব্যায়াম কৰাৰ ক্ষেত্ৰত সময়ত অভাৱ তেনেহ’লে ৰিবাউণ্ডিং কৰিলে সুফল পাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here