মূৰৰ এই যন্ত্ৰণা ব্ৰেইন টিউমাৰৰ লক্ষণ

0
2

ব্ৰেইন টিউমাৰ মানেই আতংক, ভয়াৱহতা৷ ভবা হয়, জীৱনৰ শেষ সময়কণ যেন সমাগত৷ এই ধাৰণা সঁচা নে? সকলো ব্ৰেইন টিউমাৰেই কেঞ্চাৰৰ দিশে যায়নে? কোনবোৰ লক্ষণৰ পৰা বুজিব অথবা মূৰৰ বিষ বা যন্ত্ৰণাৰ লগত ব্ৰেইন টিউমাৰৰ পাৰ্থক্য ক’ত৷ এইসকলো বিস্তাৰিতভাৱে জনালে চিকিৎসকে৷
ব্ৰেইন টিউমাৰ মানেই মৃত্যুৰ ধাৰণা নস্যাৎ কৰে বিজ্ঞানীয়ে৷ বিজ্ঞানীয়ে সদৰী কৰা মতে বেছিভাগ ব্ৰেইন টিউমাৰে নিৰাময় হয় যদি তাত কেঞ্চাৰাছ নহয়৷ আৰু যদি তাত মেলিগনেন্সি থাকে, তেনেহ’লে তাক নিয়ন্ত্ৰণ কৰা সম্ভৱ৷ এই সকলোবোৰ নিৰ্ভৰ কৰে ব্ৰেইন টিউমাৰৰ অৱস্থানৰ ওপৰত৷ চিকিৎসকে জনোৱা মতে যিমান কম সময় ব্ৰেইন টিউমাৰ ধৰা পৰে, সিমানেই ইয়াৰ নিৰাময় সম্ভাৱনা বেছি৷ নিউৰ’ ছাৰ্জনে সদৰী কৰা মতে ব্ৰেইন টিউমাৰ এনে এটা ৰোগ, যি সৰু ল’ৰা-ছোৱালীৰ পৰা বৃদ্ধলৈকে হ’ব পাৰে৷ হয়তো ইয়াৰ উপসৰ্গবোৰ বহুতেই নুবুজে৷ পৰীক্ষা-নিৰীক্ষাৰ অন্ততহে মগজুত টিউমাৰ ধৰা পৰে৷ এইবোৰ প্ৰাথমিক উপসৰ্গ দেখিলে সাৱধান হোৱাৰ প্ৰয়োজন৷
পুৱাই মূৰৰ অত্যন্ত বিষত টোপনি ভাঙি যায়৷তাৰ পাছত বমি হয়৷ এইদৰে কেইবাদিনো হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷
এই মূৰৰ বিষ সাধাৰণ মূৰৰ বিষতকৈ কিছু পৃথক হয়৷ সাধাৰণতে মূৰৰ বিষ হ’লে ঔষধেও কাম নিদিয়ে৷ তেনে ক্ষেত্ৰত এটা কথাই মনত ৰখা ভাল যে এই মূৰৰ বিষ আন কোনো ৰোগৰো লক্ষণ হ’ব পাৰে৷
ইয়াৰ উপৰি চকুৰে কম দেখাৰ সমস্যা হ’ব পাৰে৷ অথবা ডাবল ভিচনৰ সমস্যাও দেখা দিব পাৰে৷ সেই নিশ্চিত হ’বলৈ চকু পৰীক্ষা কৰা ভাল৷
ৰোগীয়ে কথা পাহৰি যোৱাৰ সমস্যা, ঘন ঘন মেজাজ পৰিৱৰ্তন হ’ব পাৰে৷
কথা কোৱাত নিৰ্দিষ্ট কথাৰ পৰা ফালৰি কাটি অপ্ৰাসংগিক কথা কোৱাৰ সম্ভাৱনা থাকে৷ খোজকঢ়াৰ সময়ত হঠাতে বাগৰি পৰা, দিকভ্ৰষ্ট হোৱা আদিৰ দৰে ঘটনা হ’ব পাৰে৷ইয়াৰ উপৰি হাতৰ পৰা বস্তু পৰি যোৱা,¸ শৰীৰৰ কোনো অংশ দুৰ্বল হৈ পৰা, কখা-বাৰ্তা পাহৰি যোৱা, কেতিয়াবা ষ্টে˜’কৰ দৰে লক্ষণো দেখা দিব পাৰে৷ এনেধৰণৰ লক্ষণে দেখা দিলে সাৱধান হোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here