খোৱাৰ উপযোগী এই তেলে হৃদৰোগ সম্ভাৱনা কমায়

0
4

আপোনাৰ খোৱা খাদ্যই যাতে স্বাস্থ্যৰ একো ক্ষতি নকৰে, তাক নিশ্চিত কৰিবলৈ সঠিক ভোজ্য তেল নিৰ্বাচন কৰাটো খুবেই গুৰুত্বপূৰ্ণ৷ পুষ্টি বিশেষজ্ঞই জনোৱা মতে খাদ্যদ্ৰব্যত চেছুৰেটেড তথা ট্ৰান্স ফেট কমাই দিব আৰু মনোআনচাচুৰেটেড আৰু পৰিআনচাচুৰেটেড ফেট গ্ৰহণ কৰক৷ মাখন, পাম তেলৰ দৰে ফেটৰ পৰিৱৰ্তে উদ্ভিজ তেল ব্যৱহাৰ কৰিব৷ এই তেলবোৰে হূদৰোগৰ সম্ভাৱনা কমায়৷ সঠিক তেল নিৰ্বাচন কৰিলে কেৱল ৰন্ধাৰ সোৱাদেই নবঢ়ায়, বৰং আপোনাৰ স্বাস্থ্যৰ উন্নতিতো সহায় কৰে৷ ৰন্ধনত ব্যৱহূত তেল কিনাৰ সময়ত ইয়াৰ লেবেলখন মনোযোগেৰে পঢ়ক৷ প্ৰতি টেবল চামুচত চাৰি গ্ৰামতকৈ কম চেছুৰেটেড ফেট থকা তেল নিৰ্বাচন কৰক৷ আংশিকভাৱে হাইড্ৰোজেনেটেড আৰু ট্ৰান্স ফেটমুক্ত তেল স্বাস্থ্যৰ বাবে ভাল৷ কেনোলা, জলফাই তথা সূৰ্যমুখীৰ দৰে তেল ইয়াৰ অন্তৰ্ভুক্ত৷ এভোকাে.ডা আৰু আঙুৰৰ বীজৰ দৰে বিশেষ তেলো ইয়াৰ ভাল বিকল্প৷ কম স্মোক পইণ্টসহ জলফাই তেল ভাজা আৰু ছালাড ড্ৰেচিঙৰ বাবে ব্যৱহাৰ কৰিব পাৰে৷ কেনোলা, ভুট্টা, জলফাই, চিনাবাদাম, ছয়াবিন, সূৰ্যমুখী আৰু উদ্ভিজ তেলৰ দৰে স্বাস্থ্যকৰ তেল হৃদপিণ্ডৰ বাবে ভাল৷ এই তেলবোৰত মনোআনচেছুৰেটেড আৰু পলিআনচেছুৰেটেড ফেট বেছি থাকে৷ উল্লেখ যে জলফাই তেলত ৭৩ শতাংশ মনোআনচেছুৰেটেড ফেট থাকে৷ এই তেলে বেয়া কলেষ্টৰেলৰ মাত্ৰা কমাই দিয়ে৷ কেনোলা তেল ওমেগা ত্ৰি ফেটি এচিডসমৃৃদ্ধ, যি প্ৰদাহ কমোৱাত সহায় কৰে৷ তিলৰ তেলো স্বাস্থ্যৰ বাবে খুব উপকাৰী৷ কেলৰি কমাবলৈ এই তেল ব্যৱহাৰ কৰিব পাৰে৷ চিনাবাদামৰ তেল গ্ৰিলিং, ষ্টাৰ ফ্ৰাইং, বেকিং আৰু ৰোষ্টিয়াৰ কাৰণে আদৰ্শ৷ ভাজি বা চবজিৰ ৰন্ধাৰ পাছত সামান্য জলফাইৰ তেল ছটিয়াই দিব৷ এয়ে খাদ্যৰ সোৱাদ বঢ়োৱাৰ লগতে কেলৰিৰ ভাৰসাম্য বজাই ৰাখে৷ তেল সঠিকভাৱে সংৰক্ষণ কৰিলে ইয়াৰ গুণমান তথা সংৰক্ষণৰ সময়কাল বৃদ্ধি পায়৷ তেলৰ বটল সদায় ঠাণ্ডা আৰু অন্ধকাৰ ঠাইৰ ৰখা উচিত৷ সূৰ্যৰ পোহৰে তেলক জাৰিত কৰে তথা তেলৰ গুণমান বিনষ্ট কৰে৷ বিভিন্ন খাদ্য ৰন্ধাৰ বাবে দুই তিনিবিধ তেল ৰখা ভাল৷ ভাজিৰ বাবে কেনোলা তেল, ড্ৰেছিঙৰ বাবে অলিভ অইল ব্যৱহাৰ কৰিব৷ এইবোৰ তেলে স্বাদ বঢ়োৱাৰ লগতে স্বাস্থ্য উপকাৰ সাধন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here