Beauty PlusFitness PlusHealth NaturallyHealth Talksকালজিৰাই ৰোধ কৰে অকালতে চুলি সৰা সমস্যাBy Health Plus - July 10, 202506Facebook Twitter Pinterest WhatsApp বিভিন্ন কাৰণ যেনে– বায়ুৰ প্ৰদূষণ, ধূলি-মাকতি, অযত্নপালিত চুলি, দূষিত পানী আদি কাৰণত আজিকালি প্ৰায় সকলোৰে ক্ষেত্ৰত চুলি সৰাটো এটা প্ৰধান সমস্যা হিচাপে দেখা দিছে৷ আপোনাৰ অকালতে চুলি সৰিবলৈ আৰম্ভ কৰিছে নেকি? তেন্তে সাৱধান হওক৷ কিয়নো এইদৰে চুলি সৰাৰ পাছত ইয়াৰ সমাধানৰ চিন্তা নকৰিলে পাছত হ’ব পাৰে ভয়াৱহ সমস্যা৷ সেয়েহে এই সমস্যা নিৰাময়ৰ বাবে কালজিৰা ব্যৱহাৰ কৰিব পাৰে৷ খুব সহজে পোৱা কালজিৰাই অকালতে চুলি সৰা সমস্যাৰ পৰা সকাহ দিব পাৰে৷ জানো আহক কালজিৰাই কিদৰে অকালতে চুলি সৰা সমস্যা ৰোধ কৰিব৷মূৰৰ যিখিনি ঠাইত চুলি সৰিবলৈ আৰম্ভ কৰিছে সেই অংশত ঘনে ঘনে কালজিৰাত তেল লগাওক৷ ১০-২৫ মিনিট সময় মাচাজ কৰি আধা ঘণ্টামান পাছত চুলিখিনি ছেম্পুৰে ভালদৰে ধুই দিব৷আপেল চিডাৰ ভিনেগাৰৰ সৈতে অলপ কালজিৰা এটা পাত্ৰত গৰম কৰি ল’ব৷ ঠাণ্ডা হোৱাৰ পাছত এই মিশ্ৰণটো চুলি লগাই কিছু সময় থৈ দিব৷ ইয়াৰ পাছত ছেম্পুৰে চুলিখিনি ভালদৰে ধুই পেলাওক৷সমপৰিমাণৰ অলিভ অইল আৰু কালজিৰাৰ তেল একেলগে মিহলাই লওক৷ ৰাতি শোৱাৰ সময়ত এই মিশ্ৰণটোৰে চুলিখিনি ভালদৰে কিছু সময় মাচাজ কৰক৷ পিছদিনা পুৱা মূৰটো ভালদৰে ছেম্পুৰে ধুই দিব৷নাৰিকল তেলৰ সৈতে কালজিৰাৰ গুড়ি ভালদৰে মিহলি কৰি লওক৷ তাৰ পাছত এই মিশ্ৰণটো অলপ গৰম কৰি ল’ব৷ মিশ্ৰণটো ঠাণ্ডা হোৱাৰ পাছত তাত অলপমান মৈ মিহলাই লৈ মূৰত ভালদৰে মাচাজ কৰক৷ কিছু সময় এইদৰে মাচাজ কৰি পাছত মূৰটো ভালদৰে ছেম্পুৰে ধুই দিব৷এইদৰে উক্ত ঘৰুৱা পদ্ধতিসমূহ সৰিবলৈ ধৰা চুলি প্ৰয়োগ কৰিলে কম সময়ৰ ভিতৰতে ভাল ফল পোৱা যায়৷