Fitness PlusHealth NaturallyHealth Talksএঘণ্টা প্ৰস্ৰাৱ ধৰি ৰখাৰ পৰিণাম কি হ’ব পাৰেBy Health Plus - July 9, 202509Facebook Twitter Pinterest WhatsApp বহুতেই কৰ্মক্ষেত্ৰত কামৰ হেঁচা, শিক্ষা প্ৰতিষ্ঠানত ক্লাছৰ বোজা অথবা দূৰলৈ যাত্ৰা কৰাৰ সময়ত প্ৰস্ৰাৱ ধৰি ৰাখে৷ প্ৰস্ৰাৱ ধৰি ৰখা বা চেপি ৰখাৰ এই অভ্যাস স্বাস্থ্যৰ পক্ষে ভীষণ ক্ষতিকাৰক৷প্ৰস্ৰাৱৰ চাপ অহাৰ দহ মিনিট প্ৰস্ৰাৱ চেপি ৰাখিলে মূত্ৰনলী বা ইউৰ’লজি ব্লাডাৰৰ পৰা প্ৰস্ৰাৱ কৰাৰ বাবে মস্তিষ্কলৈ বাৰে বাৰে সংকেত দিয়ে৷ সেই সময়ত আন কামৰ অজুহাত বা কৰ্মব্যস্ততাৰ বাবে প্ৰস্ৰাৱ চেপি ৰাখিলে কামৰ প্ৰতি মনোযোগ নষ্ট হয় অথবা কামৰ মাজতে অস্বস্তি অনুভৱ হৈ থাকে৷যদি কোনোৱে এঘণ্টা বা তাতকৈ বেছি সময়ৰ বাবে পেচাব ধৰি ৰাখে, তেনে ক্ষেত্ৰত মূত্ৰনলীৰ মাংসপেশী দুৰ্বল হ’বলৈ আৰম্ভ কৰে আৰু প্ৰস্ৰাৱ কিডনীলৈ পুনৰ ঘূৰি যাবলৈ আৰম্ভ কৰে৷ যি শৰীৰৰ তৰল আৰু বৰ্জ্য পদাৰ্থৰ ভাৰসাম্য নষ্ট কৰে৷আনহাতে তিনি ঘণ্টা প্ৰস্ৰাৱ ধৰি ৰখাৰ ফলত কিডনীৰ স্বাভাৱিক কাৰ্যক্ৰম ব্যাহত কৰে৷ যাৰ ফলত ইউৰিন ইনফেকচন হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে৷ কাৰণ জমা হৈ থকা প্ৰস্ৰাৱত বেক্টেৰিয়া বাঢ়িবলৈ আৰম্ভ কৰে৷ছয় ঘণ্টাপৰ্যন্ত প্ৰস্ৰাৱ ধৰি ৰখাৰ ফলত ইউৰিন ইনফেকচনৰ হোৱাৰ সমস্যাৰ সম্ভাৱনা বহু বেছি থাকে৷ পৰৱৰ্তী সময়ত প্ৰস্ৰাৱ কৰিলে মূত্ৰনলীৰ পৰা সম্পূৰ্ণ পেচাব বাহিৰ নহয়৷ মূত্ৰথলিত এইদৰে জমা হোৱা প্ৰস্ৰাৱে ইনফেকচনৰ সৃষ্টি কৰে৷ তলপেটৰ বিষ, জ্বৰ আদি সমস্যাই দেখা দিব পাৰে৷আনহাতে কিছুমানে আঠ ঘণ্টা পৰ্যন্ত প্ৰস্ৰাৱ ধৰি ৰাখে৷ তেনে ক্ষেত্ৰত কিডনী বিকল হোৱা, কিডনীত স্থায়ীভাৱে পানী জমা হোৱা, কিডনীত পাথৰ হোৱা আৰু মূত্ৰথলিত সংক্ৰামক ৰোগ হ’ব পাৰে৷ যি পাছৰ সময়ত জীৱনলৈ ভয়াৱহ বিপদ আনিব পাৰে৷আন বহুতে আকৌ প্ৰস্ৰাৱ কৰাৰ ভয়ত পানী কমকৈ সেৱন কৰে৷ জনা মতে এজন সুস্থ মানুহক দৈনিক দুইৰ পৰা আঢৌ লিটাৰ পানীৰ প্ৰয়োজন হয়৷ পানী কমকৈ সেৱন কৰিলে বা প্ৰস্ৰাৱ ৰখাই থোৱাৰ অভ্যাস বাদ দিয়াটো অতি জৰুৰী৷ নহ’লে কিডনীৰ মাৰাত্মক ৰোগ হ’ব পাৰে, ,যাৰ পৰা মুক্তি পাবলৈ কঠিন হৈ উঠে৷