প্ৰথমবাৰৰ বাবে মানৱ মস্তিষ্কৰ সফলভাৱে প্ৰতিস্থাপন বা ইমপ্লেণ্ট কৰা হ’ল যুক্তৰাষ্ট˜ৰ নিউৰোটেক ষ্টাৰ্টআপ পেৰাড্ৰমিকছে৷ প্ৰায় তিনি বছৰ ধৰি জন্তুৰ দেহত চলোৱা গৱেষণাৰ পাছত অৱশেষত যুক্তৰাষ্ট˜ৰ মিছিগান বিশ্ববিদ্যালয়ত এই পৰীক্ষা সম্পন্ন কৰে প্ৰতিষ্ঠানটোৱে৷ সফল এই ইমপ্লেণ্টক ব্ৰেন কম্পিউটাৰ ইণ্টাৰফেচ প্ৰযুক্তিত এক ডাঙৰ অগ্ৰগতি হিচাপে বিবেচিত কৰা হৈছে৷ ‘কনেক্সাছ’ নামে পৰিচিত ডিভাইচটো মস্তিষ্কত স্থাপন আৰু অপসাৰণৰ সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পন্ন হয় মাত্ৰ দহ মিনিটত৷ এই অস্ত্ৰোপচাৰটো পৰিচালনা কৰে নিউৰোছাৰ্জন ডাঃ মেথু উইনচি আৰু ডাঃ ৱেন চাঘেৰ নেতৃত্বত এদল বিজ্ঞানীয়ে৷ কনেক্সাছ মূলতঃ এনে এটা ডিভাইচ, যিয়ে মস্তিষ্কৰ স্নায়ুক সংকেত পঢ়ি তাৰ ভাষা, লেখা বা কম্পিউটাৰ কাৰ্চৰ নিয়ন্ত্ৰণ ৰূপান্তৰ কৰিব পাৰে৷ এই প্ৰযুক্তিৰ জৰিয়তে ষ্ট˜’ক, মেৰুদণ্ডত আঘাত তথা এ এল এছত আক্ৰান্ত হৈ বাকশক্তি হেৰুওৱা লোকৰ কথা কোৱাৰ সক্ষমতা ঘূৰাই অনাৰ উদ্দেশ্যেৰে পেৰাড্ৰমিকছে কাম কৰে৷ মানৱ দেহত এই প্ৰথম ইমপ্লাণ্টটো ব্যৱহূত হয় এগৰাকী মৃগীৰোগীৰ অস্ত্ৰোপচাৰৰ সময়ত৷ ৰোগীৰ মস্তিষ্কৰ উৎস অপসাৰণৰ সময়ত সাময়িকভাৱে ডিভাইটটো সংযুক্ত কৰা হয়৷ ইয়াৰ ফলত গৱেষকে ৰোগবিধৰ ফলত সৃষ্ট স্নায়ৱিক পৰিৱৰ্তন বিশে¡ষণ কৰাৰ সুযোগ পায়৷ ব্ৰেন কম্পিউটাৰ ইণ্টাৰফেচ বা বি চি আই এনে এক প্ৰযুক্তি৷ যাৰ জৰিয়þতে মস্তিষ্ক আৰু বাইৰেৰ যিকোনো ইলেকট্ৰনিক ডিভাইচৰ মাজত সম্পূৰ্ণ যোগাযোগ স্থাপন সম্ভৱ হয়৷ ২০০৩ চনত যুক্তৰাষ্ট˜ৰ ডিউক বিশ্ববিদ্যালয়ৰ এক গৱেষণাত দেখা গৈছে যে মাইক্ৰোইলেকট্ৰোড স্থাপন কৰা বান্দৰ এটাৰ ৰবোটিক হাত সচেতনভাৱে নিয়ন্ত্ৰণ কৰিব পাৰে৷ বৰ্তমান বি চি আই প্ৰযুক্তিৰ শীৰ্ষ প্ৰতিদ্বন্দ্বিতা চলিছে ইলন মাস্কৰ প্ৰতিষ্ঠান নিউৰালিংক আৰু পেৰাড্ৰমিকছৰ মাজত৷ নিউৰালিংৰে ইয়াৰ মাজতে তিনি ৰোগীৰ শৰীৰত তেওঁলোকে প্ৰস্তুত কৰা ডিভাইচ স্থাপন কৰিছে৷