শক্তিবৰ্ধক হিচাপে এই খাদ্য শৰীৰত পাব ঘোঁৰাৰ দৰে শক্তি

0
12

মৌমাখি পৃথিৱীৰ সকলোতকৈ উপকাৰী পতংগবোৰৰ ভিতৰত অন্যতম৷ আনহাতে মৌৰ বহুমুখী উপকাৰিতাৰ সম্পৰ্কে আমি সকলোৱে জানো৷ কিন্তু আপুনি জানেনে যে মৌমাখিয়ে মৌৰ উপৰি এনে এবিধ খাদ্য প্ৰস্তুত কৰে, যি অত্যন্ত উপকাৰী৷ এই খাদ্যদ্ৰব্যৰ নাম বি ব্ৰেড৷ ইয়াক মৌৰুটী বা মধুভৃত বুলিও জনা যায়৷ মধুচক্ৰত মৌমাখিৰ পৰাগৰেণু, মৌ আৰু তাৰ পৰা নিঃসৃত উৎসেচক মিহলি হৈ যি খাদ্যদ্ৰব্য প্ৰস্তুত হয়, তাকেই মৌৰুটী বোলে৷ মৌচাকত মৌমাখিৰ ই প্ৰ’টিনযুক্ত খাদ্য হিচাপে ব্যৱহৃত হয়৷ মানুহৰ কাৰণে এই খাদ্যদ্ৰব্য অত্যন্ত পুষ্টিকৰ৷
মৌৰুটীত প্ৰায় ত্ৰিশ শতাংশ প্ৰ’টিন আৰু বিভিন্ন ধৰণৰ এমিন’ এচিডেৰে ভৰপূৰ৷ এই প্ৰ’টিন শৰীৰৰ কোষ পুনৰগঠন, পেশী গঠন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে৷ যিসকল নিৰামিষভোজী, তেওঁলোকৰ কাৰণে এই খাদ্য বিশেষভাৱে উপকাৰী৷
বি ব্ৰেডত ফ্লেভোনয়েড আৰু পলিফেনল নামৰ এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে শৰীৰৰ কোষৰ ক্ষতিকৰ ফ্ৰি ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে৷ যাৰ ফলত কেঞ্চাৰ প্ৰতিৰোধ, বাৰ্ধক্য ৰোধ আৰু ছাল সুস্থ ৰখাত সহায় কৰে৷
মৌৰুটীত প্ৰাকৃতিক উৎসেচক থাকে, যি হজম প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে তথা অন্ত্ৰৰ উপকাৰী বেক্টেৰিয়া বৃদ্ধি কৰাত সহায় কৰে৷ গেছৰ সমস্যা, এচিডিটি বা বদহজমৰ সমস্যাৰ পৰা সকাহ দিয়ে৷
মৌৰুটী আইৰন, ফোলেট, আৰু ভিটামিন-বি কমপ্লেক্স সমৃদ্ধ৷ যিসকল ৰক্তস্বল্পতাত আক্ৰান্ত, তেওঁলোকৰ কাৰণে তেজত হিম’গ্লবিন বৃদ্ধিত প্ৰাকৃতিক বিকল্প হিচাপে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷
বি ব্ৰেড প্ৰাকৃতিক শৰ্কৰা, খনিজ আৰু ভিটামিনেৰে পৰিপূৰ্ণ, যিয়ে ক্লান্তি দূৰ কৰাৰ লগতে দীৰ্ঘক্ষণ শক্তি সঞ্চয় কৰাত সহায় কৰে৷ কফি বা এনাৰ্জি ড্ৰিংকছৰ পৰিৱৰ্তে এইবিধ খালে গোটেই দিনটো শৰীৰত ঘোঁৰাত দৰে শক্তি পাই থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here