এই পানীয়ৰ আছে বহুতো উপকাৰী গুণাগুণ

0
2

পুৱা উঠিয়েই একাপ গৰম পানী লৈ তাত অলপ আদা আৰু নেমুৰ ৰস মিহলাই এবিধ পানীয় প্ৰস্তুত কৰিব৷ এই পানীয় সদায় পুৱা সেৱন কৰিলে শৰীৰৰ ওজন কমাৰ লগতে হজম শক্তি উন্নত হয়৷ আৰু কি কি উপকাৰ পোৱা যায় নেমু-আদা মিশ্ৰিত পানীৰ পৰা সেয়া জানো আহক৷
আদা হজমৰ বাবে খুব উপকাৰী৷ পাকস্থলীত গেছ জমা হ’লে আদাই পেট পাতল কৰাত সহায় কৰে৷আনহাতে নেমু পিত্তৰসৰ ক্ষৰণ বঢ়াই হজম প্ৰক্ৰিয়া মসৃণ কৰি তোলে৷ পুৱাই খালী পেটত এই পানীয় সেৱন কৰিলে বদহজম, অম্বল আদি বহুতো সমস্যা পৰা সকাহ পাব পাৰি৷
এই পানীয় মেটাবলিজম বঢ়োৱাত সহায় কৰে৷ যাৰ ফলত কেলৰি কমোৱাটো তুলনামূলকভাৱে সহজ হয়৷ নেমুত থকা ছাইট্ৰিক এচিডে ফেট বাৰ্ন কৰাত সহায় কৰে৷ আনহাতে আদাই দীৰ্ঘক্ষণ পেট ভৰ্তি হৈ থকাৰ অনুভূ্‌তি দিয়ে৷ যাৰ ফলত অপ্ৰয়োজনীয় খাদ্য খোৱাৰ প্ৰৱণতা কমে৷
নেমু আৰু আদা– দুয়োটাতে প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ নেমুত ভিটামিন-চি তাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ আদাৰ এণ্টি ইনফ্লমেটৰি গুণে ভাইৰাছজনিত চৰ্দি,, কাহৰ দৰে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিব পাৰে৷ আনহাতে শ্বাসনলীত জমা থকা কফ বাহিৰ কৰাত সহায় কৰে৷
এই পানীয়ই শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাত সহায় কৰে৷ ইয়াৰ ফলত ছাল পৰিষ্কাৰ থকাৰ লগতে ব্ৰনৰ প্ৰৱণতা কমি থাকে৷ নেমুৱে ছালত কেলাজেন প্ৰস্তুত কৰাত সহায় কৰে, যিয়ে ছালখনৰ উজ্জ্বলতা আৰু সজীৱতা ধৰি ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here