Diet PlusFitness PlusHealth NaturallyHealth Talksপুষ্টিগুণেৰে ভৰপূৰ গাজৰৰ উপকাৰিতা কিছু জানো আহকBy Health Plus - July 4, 202503Facebook Twitter Pinterest WhatsApp শীতকালৰ পাচলি হিচাপে গাজৰ উৎকৃষ্ট৷ পুষ্টিগুণেৰে সমৃদ্ধ গাজৰ কেঁচা চালাড কৰি বা ৰান্ধি দুইধৰণেই খোৱা হয়৷ বিভিন্ন প্ৰয়োজনীয় উপাদানেৰে সমৃদ্ধ গাজৰ খালে আমাৰ কি উপকাৰ হয় জানো আহক৷গাজৰ কেঞ্চাৰ প্ৰতিৰোধী পাচলি৷ নিয়মিতভাৱে গাজৰ খালে কেঞ্চাৰ হোৱা সম্ভাৱনা কমাই ৰাখে৷ গৱেষণাৰ জৰিয়তে পোৱা মতে নিয়মিতভাৱে গাজৰ খালে হঁাওফাঁও, স্তন, কোলন কেঞ্চাৰ হোৱাৰ সম্ভাৱনা নাথাকে৷গাজৰত উচ্চ পৰিমাণৰ বিটা কেৰ’টিন পোৱা যায়৷ এই বিটা কেৰ’টিনে লিভাৰৰ ভিটামিন-এলৈ ৰূপান্তৰিত হয়, যিয়ে চকুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷ ইয়াৰ ফলত দৃষ্টিশক্তি বঢ়োৱাত সহায় কৰে৷গাজৰত প্ৰচুৰ পৰিমাণে ডায়েটৰি ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে হাৰ্ট সুস্থ ৰখাত সহায় কৰে৷ এই উপাদানবোৰে হাৰ্টৰ ধমনীৰ ওপৰত কোনো আৱৰণ জমা হ’বলৈ নিদিয়ে৷ সেইবাবে তেজৰ চলাচল স্বাভাৱিক ৰখাত সহায় কৰে৷গাজৰৰ ৰসে দাঁত মজবুত কৰাত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ ইয়াৰ ভিটামিন-চি পোৱা যায় বাবে দাঁতৰ গুৰি সুস্থ ৰাখে, লগতে দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা সমস্যাৰ বাবে গাজৰ যথেষ্ট উপকাৰী৷গাজৰ থকা বিটা কেৰ’টিনে মস্তিষ্কৰ ক্ষয় ৰোধ কৰে৷ সেয়ে মস্তিষ্কৰ শক্তি বৃদ্ধি কৰিবলৈ গাজৰ নিয়মীয়াকৈ খোৱা দৰকাৰ৷ গাজৰ খোৱাৰ ফলত স্মৃতিশক্তি বৃদ্ধি পায়৷