মাহত দুবাৰ ঋতুস্ৰাৱ! স্বাভাৱিক নে কোনো ৰোগৰ লক্ষণ

0
4

মহিলাসকলৰ দুই ঋতুস্ৰাৱৰ মাজৰ ব্যৱধান সাধাৰণতে ২৮ দিনৰ পৰা ৩৬ দিন হয়৷ যদি ঋতুচক্ৰ অনিয়মিত হৈ যায়, তেনেহ’লে মাহৰ ভিতৰতে দুবাৰ অথবা একেৰাহেই এসপ্তাহ ধৰি চলিব পাৰে৷ ইয়াৰ নেপথ্যত বিভিন্ন কাৰণ থাকে৷ এটা মাহৰ ভিতৰে দুবাৰ ঋতুস্ৰাৱ হোৱা, অতিৰিক্ত ৰক্ত ক্ষৰণৰ সমস্যাৰ সৃষ্টি হোৱা আদি বৰ্তমান সময়ত এইধৰণৰ সমস্যা ভুগিছে বহুতো মহিলাই৷ সাধাৰণতে গৰ্ভনিৰোধক বড়ি বেছি সেৱনৰ ফলত এনে হোৱা দেখা যায়৷ ইয়াৰ উপৰি মাহৰ ভিতৰতে দুবাৰ ঋতুস্ৰাৱ, স্ৰাৱকালীন সময়ত তলপেটৰ অসহ্য যন্ত্ৰণা, ঋতুকালীন সময়ত অতিৰিক্ত ৰক্ত ক্ষৰণৰ দৰে সমস্যা বহুতে হোৱা দেখা যায়৷ প্ৰতিমাহতে এনে হ’লে সতৰ্ক হোৱা ভাল৷ কিদৰে বাবে এনে হৈছে, আদিও জনা ভাল৷
প্ৰতিগৰাকী মহিলাই জন্মৰ সময়ত নিৰ্দিষ্ট সংখ্যক কণীসহিতে জন্মে৷ সেই সংখ্যাটো সাধাৰণতে দহ লাখৰ ওচৰা-উচৰি৷ ঋতুস্ৰাৱৰ অৰম্ভৰ সময়ত এই সংখ্যা কিছু কমি যায়৷ যদি চৌধ্য বছৰৰ বয়সত ঋতুস্ৰাৱ আৰম্ভ হয়, তেনেহ’লে চৌধ্যৰ পৰা পঞ্চাছ বছৰ বসয়লৈ অবধি প্ৰতি মাহত ডিম্বাশয়ৰ পৰা ডিম্বাণু ফেলোপিয়ান নলীৰে বাহিৰ হয়৷ ডিম্বাণু জৰায়ুলৈ আহি যি ঠাইত স্থিৰ হয়, তাত এটা স্তৰ তৈয়াৰ হয়, যাৰ নাম এণ্ড্ৰোমেট্ৰিয়াম৷ মহিলাসকলৰ শৰীৰৰ দুই হৰমন ইষ্ট্ৰোজেন আৰু প্ৰোজেষ্টেৰন এই ডিম্বাণু প্ৰস্তুত আৰু নিৰ্গমণৰ প্ৰক্ৰিয়াক নিয়ন্ত্ৰণ কৰে৷ এণ্ড্ৰোমেট্ৰিয়াম স্তৰৰ ঘনত্ব বঢ়াত ইষ্ট্ৰোজেন হৰমনে সহায় কৰে৷ এবাৰ যদি ডিম্বাণুটো নিষিক্ত নহয়, তেন্তে প্ৰোজেষ্টেৰনৰ মাত্ৰা কমি থাকে৷ তেতিয়া এই হৰমনটোৱে এণ্ড্ৰোমেট্ৰিয়ামৰ স্তৰ ভাঙি দিয়ে আৰু এই স্তৰটোৱে ঋতুস্ৰাৱৰ আকাৰে বাহিৰলৈ আহে৷ তেনে অৱস্থাত যদি ইষ্ট্ৰোজেন আৰু প্ৰোজেষ্টেৰন হৰমনৰ খেলিমেলি দেখা যায়, তেনেহ’লে ঋতুচক্ৰ অনিয়মীয়া হৈ যাব পাৰে৷
আনহাতে ৰজোনিবৃত্তিৰ সময় আগুৱাই আহিলে মাহত দুবাৰ বা তাতকৈ বেছি ঋতুস্ৰাৱ হ’ব পাৰে৷ ভাৰতীয় মহিলাসকলৰ ক্ষেত্ৰত ৪৫ ৰ পৰা ৫৫ বছৰ অবধি বয়সকালত মেনোপজ বা ৰজোনিবৃত্তি হোৱা দেখা যায়৷ সাধাৰণতে খাদ্যাভ্যাস আৰু জীৱন যাপনৰ অনিয়মৰ কাৰণে হৰমনৰ তাৰতম্য খুব বেছি হৈছে৷ সেয়ে সময়ত আগতেই বহুতৰে ৰজোনিবৃত্তি পৰ্ব আগুৱাই আহে৷ ৩৮-৪০ বছৰ বয়সত ৰজোনিবৃত্তি আগৰ পৰ্ব অৰ্থাৎ পেৰিমেনোপজৰ লক্ষণ দেখা দিয়া মহিলাৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here