এতিয়া আম খোৱাৰ বতৰ৷ বজাৰত বিভিন্ন সুস্বাদু আমেৰে ভৰি পৰিছে৷ বতৰৰ ফল আম খাবলৈ সোৱাদৰ লগতে ইয়াৰ উপকাৰিতা যথেষ্ট আছে৷ বিভিন্ন ৰোগৰ পৰা আমাৰ আমে মুক্তি দিব পাৰে৷ কিন্তু আচৰিত কথাটো হ’ল আমৰ লেখীয়া আমৰ পাতৰো আছে যথেষ্ট উপকাৰিতা৷ আমি হয়তো বহুতেই নাজানো যে আমৰ পাত খোৱাৰ ফলত শৰীৰৰ যথেষ্ট লাভ হ’ব পাৰে৷ সেয়ে আমৰ লগতে আমৰ পাতো খোৱাৰ অভ্যাস কৰক৷ সাধাৰণতে আমি জানো যে আমৰ পাত হিন্দু সমাজৰ পূজা-পাৰ্বণত ব্যৱহাৰ হয়৷ কিন্তু এই বিষয়ে অজ্ঞ যে খাদ্য হিচাপে ইয়াৰো আছে বহুতো উপকাৰী গুণ৷ পুষ্টিবিদৰ মতে আমৰ পাত খালে হাৰ্টৰ ৰোগ নিৰ্মূল হয়৷ ইয়াৰ লগতে আমৰ পাতে ৰক্ত চাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ আমৰ পাত খালে শৰীৰৰ অত্যধিক বাঢ়ি অহা মেদ কমোৱাত সহায় কৰে, যাৰ ফলত শৰীৰৰ ওজন নিয়ন্ত্ৰণ ৰখাত সহায় কৰে৷ আমৰ পাতে হজম শক্তি উন্নত কৰে, যিয়ে হজমৰ অসুবিধা দূৰ কৰে৷ কোষ্ঠকাঠিন্যৰ সমস্যা হ’লে আমৰ পাত খালে সুফল পাব পাৰি৷ বিশেষজ্ঞৰ মতে পুৱা খালী পেটত দুটামান আমৰ পাত ভালদৰে ধুই চোবাই খাব পাৰে৷ ইয়াৰ লগতে আমৰ পাত পানীত গৰম কৰি সেই পানীখিনি খালেও উপকাৰ পাব পাৰে৷