Beauty PlusFitness PlusHealth NaturallyHealth Talksকিডনী পৰিষ্কাৰ কৰিবলৈ নিয়মিত খাওক এই ৰসBy Health Plus - June 30, 202502Facebook Twitter Pinterest WhatsApp বজাৰত বিভিন্ন প্ৰকাৰৰ হে’লথ ড্ৰিংকছ পোৱা যায়৷ গাজৰৰ ৰ, মধপৰিআমৰ ৰস, আমৰ ৰস, সুমথিৰাৰ ৰস আদি সেৱনে ভিন্ন উপকাৰ প্ৰদান কৰে৷ দেখিবলৈ দগদগীয়া, মাটিৰ গোন্ধ মিহলি, সুস্বাদু তথা পুষ্টিগুণেৰে ভৰপূৰ বিটৰ ৰস একেবাৰে ছুপাৰ ফুড হিচাপে বিবেচিত হয়৷ চিকিৎসকৰ পৰা পুষ্টিবিদলৈকে সকলোৱে প্ৰতিদিনে এগিলাচ বিটৰ ৰস খাবলৈ পৰামৰ্শ দিয়ে৷ প্ৰতিদিনে এক গ্লাছ খালী পেটত বিটৰ ৰস খোৱাৰ অভ্যাস কৰক৷বিটৰ ৰসত নাইট্ৰেট নামৰ এক বিশেষ যৌগ থাকে, যিয়ে শৰীৰলৈ গৈ নাইট্ৰিক অক্সাইডলৈ ৰূপান্তৰিত হয়৷ ইয়ে ৰক্তনলীক প্ৰসাৰিত কৰে৷ যাৰ ফলত ৰক্ত সঞ্চালন মসৃণ হয় আৰু ৰক্তচাপ স্বাভাৱিক থাকে৷ গৱেষণাৰ পৰা দেখা গৈছে যে উচ্ছ ৰক্তচাপৰ ৰোগীৰ কাৰণে বিটৰ ৰস এটা কাৰ্যকৰী প্ৰাকৃতিক বিকল্প হ’ব পাৰে৷আইৰনৰ ভাল উৎস বিটৰ ৰস৷ যিসকলে এনিমিয়াত ভুগিছে, তেওঁলোকৰ বাবে বিটৰ ৰস হ’ব পাৰে উপকাৰী বন্ধুৰ দৰে৷ বিটৰ ৰসে আইৰন হেমোব্লবিন প্ৰস্তুত কৰাত সহায় কৰে, যাৰ ফলত শৰীৰলৈ সঠিকভাৱে অক্সিজেনৰ সৰবৰাহ হয়৷ নিয়মিত বিটৰ ৰস খালে ক্লান্তি দূৰ হয়৷বিটৰ ৰসত থকা বিটালেইন নামৰ এণ্টিঅক্সিডেণ্টে কিডনী পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে৷ বিটৰ ৰসে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাত সহায় কৰে৷ আৰু লিভাৰ আৰু কিডনীৰ কাৰ্যকাৰিতা উন্নত কৰে৷জিমলৈ যোৱা, শাৰীৰিক ব্যায়াম কৰা, দৌৰাদৌৰি কৰাৰ ফলত শৰীৰৰ পৰা অত্যধিক ঘাম বাহিব হয়৷ এই ক্ষেত্ৰত বিটৰ ৰস হ’ব পাৰে প্ৰাকৃতিক ড্ৰিংকছ৷ বিটৰ থকা নাইট্ৰিক অক্সাইডে পেশীৰ জৰিয়তে অক্সিজেনৰ সৰবৰাহ বঢ়ায়৷ যাৰ বাবে দীৰ্ঘসময় ব্যায়াম কৰিলেও সহজে ক্লান্তি অনুভৱ নহয়৷বয়স বঢ়াৰ লগে লগে মস্তিষ্কৰ ৰক্তপ্ৰবাহ কমি আহে৷ বিটৰ ৰস খালে এই প্ৰক্ৰিয়া সচল হৈ থাকে৷ বৃদ্ধ বয়সত স্মৃতিভ্ৰম প্ৰতিৰোধ কৰাত বিটৰ ৰস কাৰ্যকৰী হ’ব পাৰে৷ তৰুণৰ ক্ষেত্ৰত মনোযোগ বঢ়োৱাত বিটৰ ৰসে সহায় কৰে৷