Diet PlusFitness PlusHealth NaturallyHealth Talksমধুৰিআমৰ পাতৰ গুণাগুণ জানিলে আচৰিত হ’বBy Health Plus - June 27, 202503Facebook Twitter Pinterest WhatsApp মধুৰিআমৰ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী৷ চজিনা পাতৰ দৰে মধুৰিআমৰ পাতৰো আছে অলেখ ঔষধি গুণ৷ ইয়াৰ ইমান কি ঔষধি গুণ আছে, জানো আহক–মধুৰিআমৰ কোমল পাতৰ ৰস খালে ডায়েবেটিছ ৰোগৰ পৰা উপশম পাব পাৰি৷পেটৰ আলচাৰ, গ্ৰহণী, ডায়েৰিয়া, পেটৰ বিষ আদিত কুমলীয়া মধুৰিআমৰ পাত খালে উপকাৰ পোৱা যায়৷কেঞ্চাৰ ৰোগীক মধুৰিআমৰ পাতৰ ৰস খুৱালে কেঞ্চাৰৰ কোষ গঠন প্ৰক্ৰিয়াত বাধা দিয়ে৷এলাৰ্জিজনিত ৰোগত মধুৰিআমৰ ৰস খালে উপশম পোৱা যায়৷মুখৰ দুৰ্গন্ধ, দাঁতৰ বিষ আদিত মধুৰিআমৰ পাতৰ ৰস লগালে সুফল পোৱা যায়৷মধুৰিআমৰ পাতৰ ৰস নিয়মিতভাৱে খালে স্মৃতিশক্তি বাঢ়ে৷মধুৰিআমাৰ পাতৰ ৰস নিয়মিতভাৱে খালে কলেষ্টৰেলৰ মাত্ৰা কমি থাকে৷ মগজু শাতল কৰি ৰাখে ইয়াৰ পাতৰ ৰসে৷চুলি সৰা বন্ধ কৰিবলৈ মধুৰিআমৰ ৰস খাব লাগে৷হাড়ৰ বিষ, গাঁঠিৰ বিষ আদি নিৰাময়ৰ বাবে মধুৰিআমৰ পাতৰ ৰস খাব লাগে৷ছালৰ বিভিন্ন সমস্যাৰ বাবে মধুৰিআমৰ পাতৰ ৰস লগালে সুফল পোৱা যায়৷