পুৱা টোপনিৰ পৰা উঠিয়েই এইবোৰ কাম কৰক

0
5

মৰ্নিং ছুজ দ্য ডে’– এই প্ৰবাদ আক্ষৰিক অৰ্থত সঁচা৷ আপুনি পুৱাই টোপনিৰ পৰা উঠিয়েই যিবোৰ কাম কৰিব, তাৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনাৰ গোটেই দিনটো কিদৰে পাৰ কৰিব৷ পুৱাৰ কিবোৰ অভ্যাসে আপোনাক গোটেই দিনটো কৰ্মক্ষম তথা উদ্যমী কৰে, সেই বিষয়ে জানো আহক৷
পুৱাই টোপনিৰ পৰা সাৰ পাই অন্ততঃ পোন্ধৰ মিনিট সময় নিজৰ বাবে ব্যয় কৰক৷ এই সময়খিনিত অভ্যাস কৰক মেডিটেশ্যনৰ৷ পুৱাই ধ্যান কৰিলে কামত মনোযোগ তথা একাগ্ৰতা দুয়োটাই বৃদ্ধি পাব৷ সেয়ে পুৱা উঠিয়েই পোন্ধৰ মিনিটৰ বাবে মেডিটেশ্যন কৰাৰ নিয়মিত অভ্যাসত পৰিণত কৰক৷ আপোনাৰ মানসিক চাপ, এংজাইটিৰ মাত্ৰা বহুখিনি কমি থাকিব৷
ৰাতিপুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পাছত লঘু ব্যায়াম কৰা জৰুৰী৷ লঘু ব্যায়াম তথা যোগাসনৰ কৰাৰ অভ্যাস কৰিলে যথেষ্ট উপকাৰ পাব৷ পুৱা উঠি নিয়মিত খোজকঢ়া, জগিং কৰা স্বাস্থ্যৰ পক্ষে ভাল৷ গোটেই দিনটো পূৰামাত্ৰা শক্তি লাভ কৰিব এই অভ্যাসৰ ফলত৷
আনহাতে গোটেই দিনৰ যি যি কাম কৰাৰ কথা ভাবিছে তাৰ এখন তালিকা প্ৰস্তুত কৰিব৷ প্ৰয়োজনত এক নিৰ্দিষ্ট ঠাইত পইণ্ট কৰি থ’ব৷ এইদৰে মাৰ্কিং কৰিলে সুি্‌বধা হয়৷ সময় মিলাই দিনটোৰ কামত হাত দিব৷ সময়ত কাম সময়তে কৰিবলৈ যত্ন কৰক৷ অতিৰিক্ত চাপত কাম কৰিলে কামৰ মান নিম্নগামী হয়৷ যিদিনাখন দিনৰ ভাগত যথেষ্ট কাম থাকে, তেনে সনয়ত পুৱা আধা ঘণ্টা সোনকালে টোপনিৰ পৰা উঠিব৷
টোপনিৰ পৰা উঠিয়েই চাহ-কফি সেৱন নকৰি কোনো স্বাস্থ্যকৰ পানীয় সেৱন কৰিব৷ নেমু-মৌ মিহলাই কুহুমীয়া পানীৰে সেৱন কৰিব পাৰে৷ ইয়াৰ উপৰি খালী পেটত বাকলি গুচোৱা আলমণ্ড খাব পাৰে৷ হে’লডি মৰ্নিং ৰুটিনৰ অন্যতম গুৰুত্বপূৰ্ণ অভ্যাস হ’ল সঠিকভাৱে ব্ৰেকফাষ্ট কৰা৷ স্বাস্থ্যকৰ, সহজ পাচ্য আৰু পেট ভৰ্তি হোৱাৰ খাদ্য ব্ৰেকফাষ্ট ৰাখিব৷
বিছনাৰ পৰা উঠি স্নান কৰাৰ অভ্যাস ভাল৷ কিন্তু শুই উঠিয়েই লগে লগে গা নুধুব৷শুই উঠি শৰীৰত তাপমাত্ৰাৰ লগত খাব খাবলৈ সুযোগ দিব৷ তাপমাত্ৰাৰ সৈতে খাব খোৱাপ পাছতহে গা ধুব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here