একেৰাহে তিনিদিন কমকৈ শোৱাৰ ফলত কি ৰোগৰ সম্ভাৱনা বাঢ়ে

0
6

বৰ্তমান সময়ত ৰাতি টোপনি খতি কৰা বা টোপনি কম হোৱাৰ সমস্যাত ভুগিছে নৱ প্ৰজন্ম৷ অফিচৰ কাম বোজা শেষ কৰিব নোৱাৰি নিশা দুপৰলৈ ঘৰতে অফিচৰ কাম কৰা অথবা চিনেমা, গেম আদিত মোবাইল গোটেই ৰাতি ব্যস্ত থকাৰ কাৰণে নিশা টোপনিত ব্যাঘাত জন্মে৷ তেনে লোকৰ নিশা পৰ্যাপ্ত পৰিমাণৰ টোপনি নহয়৷ আপোনাৰ বয়স পচিছ বা পঞ্চাছেই হওক, ৰাতি চাৰি ঘণ্টা বা তাতকৈ কম সময় টোপনি মাৰিলে শৰীৰলৈ বিভিন্ন জটিল, মাৰাত্মক ৰোগৰ আমন্ত্ৰণ জনোৱা হয়৷ গৱেষণাৰ পৰা জনা গৈছে যে একেলেথাৰিয়ে যদি তিনি দিন চাৰি ঘণ্টাতকৈ কম টোপনি মৰা হয়, তেওঁলোকৰ তেজত এনে কিছু পৰিৱৰ্তন ঘটে, যি শৰীৰলৈ জটিল ৰোগৰ পথ প্ৰশস্ত কৰে৷ যি ৰোগ অকল বয়স্কৰে নহয়, কম বয়সতো হ’ব পাৰে৷ গৱেষকে জনোৱা মতে পৰ্যাপ্ত টোপনিৰ অভাৱৰ ফলত হূদৰোগৰ আশংকা বহুগুণে বৃদ্ধি হয়৷ ছুইডেনৰ উপসালা বিশ্ববিদ্যালয়ৰ গৱেষকে জনাইছে যে একেৰাহে তিনি দিন নিশা চাৰি ঘণ্টাৰ বা তাতকৈ কম সময় টোপনি মাৰিলে তেজত একধৰণৰ প্ৰদাহ ঘটি প্ৰ’টিনৰ জন্ম হয়, এই প্ৰ’টিন শৰীৰত তেতিয়া প্ৰস্তুত হয়, যেতিয়া কোনোৱে মানসিক চাপত থাকে বা যেতিয়া শৰীৰ অসুস্থ হয়৷ এই প্ৰ’টিন দীৰ্ঘদিন ধৰি তেজত থাকিলে ধমনীক ক্ষতি কৰে আৰু হাৰ্ট ফেইল, হাৰ্টৰ অসুখ তথা অনিয়মীয়া হৃৎস্পন্দনৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ গৱেষকে ষোল্লজন সুস্থ কমবয়সীয়া পুৰুষক লৈ সমীক্ষা চলাইছিল৷ অংশগ্ৰহণকাৰীসকলৰ প্ৰত্যেককে গোটেই দিনৰ খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি শৰীৰচৰ্চা, কাম আনকি তেওঁলোকৰ গাত সূৰ্যৰ পোহৰ স্বাস্থ্যকৰ নিয়মানুসৰি লগোৱা হয়৷ কেৱল টোপনিৰ সময় মাজে সময়ে সলনি কৰি দিয়া হয়৷ কিছুমানৰ ক্ষেত্ৰত আঠ ঘণ্টা, কিছুৰ বাবে চাৰি ঘণ্টা বা আন কিছুমানত তাতকৈ কম সময়ৰ বাবে টোপনি মাৰিবলৈ দিয়া হয়৷ ইয়াৰ পাছত তেওঁলোকৰ সকলোৰে তেজৰ পৰীক্ষা কৰাত এই বিশেষ প্ৰ’টিনৰ উপস্থিতি ধৰা পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here