কিডনী হস্পিটেল iUKDৰ ১১৮সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

0
1

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২২ জুন, ২০২৫, দেওবাৰে কামৰূপ [গ্ৰাম্য] জিলাৰ বকোৰ সোণতলীৰ ঈদগাহৰ ওচৰৰ হুছাইন মেডিক’জত আয়োজন কৰে কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১১৮সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ৷ উক্ত চিকিৎসা শিবিৰটোত ৩৬গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হয়৷ শিবিৰৰ আৰম্ভণিতে আই ইউ কে ডিৰ মুখ্য পৰিচালন সঞ্চালক তথা ৰাজ্যৰ বিশিষ্ট ইউৰ’লজিষ্ট ডাঃ অৰূপ কুমাৰ নাথে ৰোগীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে পুংখানুপুংখভাৱে জানিবলৈ বিচাৰে৷ উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হয় আৰু তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিধানৰ লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰা হয়৷ উল্লেখ্য যে কিডনী হস্পিটেল iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ’লজি বিশেষজ্ঞ ‘লেজাৰমেন অব্‌ ইণ্ডিয়া’খ্যাত ডাঃ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সঁজাতী দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গাঁৱে-ভূঞে, চহৰে-নগৰে গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰি অহাৰ লগতে এনে সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছে৷ উল্লেখ্য যে সোণাপুৰত থকা iUKD হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ তথা অন্যতম কিডনী হস্পিটেল, য’ত কেৱল কিডনী সম্পৰ্কীয় সকলো চিকিৎসা প্ৰদান কৰা হয়৷ ইতিমধ্যে এই হস্পিটেলখনত ডাঃ নাথৰ নেতৃত্বত চিকিৎসকৰ দলে সহস্ৰাধিক সফল অস্ত্ৰোপচাৰো সম্পাদন হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here