হে’ল্‌থি ফুড-প্ৰ’টিনৰ ভাণ্ডাৰ পিনাট বাটাৰ কিয় খাব লাগে?

0
7

সমগ্ৰ বিশ্বতে পিনাট বাটাৰৰ বহুল জনপ্ৰিয়তা আছে৷ প্ৰচুৰ পৰিমাণৰ প্ৰ’টিনযুক্ত হোৱা হেতুকে ইয়াক হেলথি ফুড হিচাপে বিবেচনা কৰা হয়৷ অকল এয়াই নহয়, পিনাট বাটাৰৰ আৰু কিছুমান উপকাৰিতা আছে৷ ইয়াৰ বিষয়ে আপুনি নি(য় আগতে ক’তো শুনা নাই৷
পিনাট বাটাৰত Oleic Acid আৰু Omega-৬ পোৱা যায়৷ যিয়ে কলেষ্টৰেল লেভেল নিয়ন্ত্ৰণত ৰাখে লগতে পিনাট বাটাৰে LDL, অৰ্থাৎ বেয়া কলেষ্টৰেলৰ পৰিমাণ হ্ৰাস কৰাতো সহায় কৰে৷ ফলত আপোনাৰ হাৰ্ট সুস্থ হৈ থকাত সহায়ক হয়৷
আপুনি যদি মাংসপেশী শক্তিশালী কৰিব বিচাৰিছে, তেন্তে আপোনাৰ ডায়েটত পিনাট বাটাৰ অন্তৰ্ভুক্ত কৰক৷ ই আপোনাক হেল্‌থি ফেটছ আৰু প্ৰ’টিনৰ যোগান ধৰে লগতে ইয়াত আইৰন, কেলচিয়াম আৰু মেগনেচিয়ামো পোৱা যায়, যিয়ে হাড় মজবুত কৰাত অৰিহণা যোগায়৷
পিনাট বাটাৰত Monounsaturated আৰু Polyunsaturated ফেটছ থাকে৷ এই দুইবিধ উপাদানে ওজন বৃদ্ধিৰ সম্ভাৱনা কম কৰে যদিহে আপুনি ইয়াক সঠিক পৰিমাণে আৰু হেল্‌থি ডায়েটৰ লগত গ্ৰহণ কৰে৷
পিনাট বাটাৰত কাৰ্বহাইড্ৰেটৰ পৰিমাণ অলপ কম থাকে৷ সেয়েহে Type-২ ডায়েবেটিছ ৰোগীয়েও পিনাট বাটাৰ গ্ৰহণ কৰিব পাৰে৷
ইয়াত ভিটামিন-E, ভিটামিন-B৩, ভিটামিন-B৬, ফলেট, মেগনেচিয়াম, কপাৰ, মেংগানিজ আদি পোৱা যায়৷ যি আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজনীয়৷ কিন্তু মনত ৰাখিব ইয়াত প্ৰচুৰ পৰিমাণে কেলৰিও থাকে৷ সেয়েহে পিনাট বাটাৰ গ্ৰহণ কৰোঁতে সাৱধান হোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here