ডায়েবেটিছ ৰোগ হৈছে কিডনী ফেইলৰৰ মুখ্য কাৰক

0
12

ডায়েবেটিছ ৰোগ প্ৰাদুৰ্ভাৱ সমগ্ৰ বিশ্বত যথেষ্ট বৃদ্ধি পাইছে৷ বৰ্তমান সময়ত প্ৰতিঘৰৰে এজন হ’লেও ডায়েবেটিছত আক্ৰান্ত হৈছে৷ এই ৰোগে এনেদৰে শিপাইছে যে কম বয়সৰ পৰা বৃদ্ধলৈকে কাৰোকে বাদ দিয়া নাই৷ ডায়েবেটিছ ৰোগ হোৱাৰ বিভিন্ন কাৰণ আছে যদিও কিছুক্ষেত্ৰত এই ৰোগ বিস্তাৰৰ বাবে দায়ী আমি নিজেই৷ ডায়েবেটিছ কালক্ৰমত অকল প্ৰাণঘাতী হোৱাই নহয়, কিডনী ফেইলৰৰ প্ৰধান কাৰণো হ’ব পাৰে৷ আনহাতে শৰীৰৰ ডায়েবেটিছৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী৷ ডায়েবেটিছত আক্ৰান্ত হ’লে ৰোগ প্ৰতিৰোধ ক্ষমতাক একেবাৰে দুৰ্বল কৰি পেলায়৷ ইয়াৰ প্ৰভাৱত শৰীৰৰ ভিতৰত অপকাৰী ভেঁকুৰৰ বৃদ্ধি পাব পাৰে৷ তেজৰ জৰিয়তে এই সংক্ৰমণ কিডনীলৈ বিস্তাৰিত হয়৷ সঘনাই জ্বৰ হোৱা, প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা অনুভূত হ’লে সতৰ্ক হোৱা ভাল৷ প্ৰস্ৰাৱৰ ৰং গাঢ় হোৱা, প্ৰস্ৰাৱৰ দুৰ্গন্ধ, সকলো সময়তে ক্লান্তি, ভাগৰ লাগি থকা আদি চিন্তাৰ কাৰণ হ’ব পাৰে৷ আনহাতে যিসকলৰ শৰাীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম, তেনে লোক এইধৰণৰ সমস্যাত সহজে আক্ৰান্ত হয়৷ সেয়ে ডায়েবেটিছক উপেক্ষা কৰা ভুলে নহয়, বৰং শৰীৰৰ বাবে বিপজ্জনকো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here