Beauty PlusDiet PlusFitness PlusHealth NaturallyHealth Talksতলপেটৰ চৰ্বি কমাবলৈ এইটো সহজ ব্যায়ামেই যথেষ্টBy Health Plus - June 10, 2025013Facebook Twitter Pinterest WhatsApp পেটত জমা হোৱা চৰ্বি কমোৱাটো ইমান সহজ কথা নহয়৷ ইয়াৰ বাবে নিৰ্দিষ্ট কিছুমান কাৰ্ডিঅ’ ব্যায়াম আছে৷নিয়ম অনুসৰি ষ্টে˜ংথ ট্ৰেনিঙো কৰিব পাৰে৷ সেইবোৰৰ নাম শুনিলেই যদি আতংক হয়, তেনেহ’লে সহজ এইটো ব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ গোটেই দিনটো অফিচৰ কামতে বা কম্পিউটাৰ-লেপটপৰ সন্মুখত বহি বহিয়েই কাম কৰাৰ ফলত শাৰীৰিক শ্ৰম শূন্য হৈ পেট, কঁকাল শৰীৰৰ আন অংগত চৰ্বি জমা হৈছে৷ ইয়াৰ পৰা ৰক্ষা পাবলৈ যিমানেই ডায়েট নকৰক কিয় অথবা পুৱা উঠি অলপ খোজকঢ়াৰ চেষ্টা কৰক, তলপেটৰ চৰ্বি কমোৱাটো দুসাধ্য হৈ পৰিছে৷ ইমান সহজে পেটৰ চৰ্বি কমাব পৰা নাযায়৷ ইয়াৰ বাবে নিৰ্দিষ্ট কিছু ব্যায়াম কৰাৰ অভ্যাস কৰক৷ ঘৰৰ ভিতৰ, বাহিৰ যিকোনো ঠাইতে কোনো নিৰ্দিষ্ট সময় নোলোৱাকৈ কৰিলে শৰীৰৰ ওজন খৰকতীয়াভাৱে কমি যায়৷ শৰীৰৰ ওপৰৰ অংশ, তলৰ অংশ সকলো অংশৰ সুস্থতাৰ বাবে ব্যায়াম আছে৷ এই অভ্যাসে গোটেই শৰীৰৰ পেশীৰ নমনীয়তা বঢ়ায়৷ এই ব্যায়ামে শৰীৰৰ ওজন কমোৱাৰ লগতে আন উপকাৰ সাধন কৰে৷ এই ব্যায়ামটোৰ নাম জাম্পিং জ্যাক৷ জাম্পিং জ্যাক কৰিলে ওজন কমাৰ বাহিৰেও শৰীৰৰ বিভিন্ন উপকাৰ হয়৷কেনেকৈ কৰিব জাম্পিং জ্যাক ঃ- এই ব্যায়াম কৰিবলৈ একেবাৰে উজু৷ প্ৰথমে মানুহজন সম্পূৰ্ণ থিয় হৈ লওক৷ ইয়াৰ পাছত দুই ভৰিৰ মাজত কিছু ব্যৱধান ৰাখিব৷ এতিয়া জঁপিয়াই জঁপিয়াই হাত দুখন ওপৰলৈ দাঙি ধৰি ভৰি আৰু হাতৰ সমতুল ৰাখি এবাৰ হাত-ভৰি লগ লগাই দিয়ক আৰু এবাৰ মেলি দিব৷ এইদৰে দহ মিনিটমান জঁপিয়াই থাকক৷ ইয়াৰ পাছত কিছু সময় জিৰণি লৈ পুনৰ জঁপিয়াব৷