প্ৰায় ২৫০ বছৰ আগতে ট্ৰাইচিক যুগক কোৱা হয় হট দ্য গ্ৰেট ডায়িং সময় বুলি৷ সেই সময়ত পৃথিৱীত এনে প্ৰাণীয়ে বাস কৰিছিল, যিবোৰৰ সহজে মৃত্যু হৈছিল৷ সেই যুগৰ প্ৰায় নব্বৈ শতাংশ প্ৰাণীয়ে এই পৃথিৱীৰ পৰা নোহোৱা হৈছিল৷ বিজ্ঞানীৰ মতে সেই সময়ত এটা বিৰাট আগ্নেয়গিৰি উদগিৰণ হোৱাৰ ফলত ইয়াত জুইৰ বৰষুণ হৈছিল আৰু জুইৰ বিস্ফোৰণত সেই সময়ৰ প্ৰাণীবোৰ নিঃশেষ হৈ গৈছিল৷ ছাইবেৰিয়াৰ সন্মুখত থকা সেই আগ্নেয়গিৰিৰ পৰা যি পৰিমাণৰ লাভা বাহিৰ হৈছিল, তাৰ পৰা কোনো বচা সম্ভৱপৰা নাছিল৷ আনকি সমগ্ৰ পৃথিৱীৰে পৰিৱেশ পৰিৱৰ্তন হৈছিল৷ বিশ্ব উষ্ণায়ণৰ নতুন দিশ সৃষ্টি হৈছিল৷ সমুদ্ৰৰ পানী মাত্ৰাধিক গৰম হৈছিল৷ ইয়াৰ পাছতে পৃথিৱীত আৰম্ভ হৈছিল ডাইনোছৰ যুগৰ৷ বিজ্ঞানীয়ে ধাৰণা কৰিছে যে ডাইনোছৰ যুগৰ আগেয়ে পৃথিৱীত এনে প্ৰাণী বাস কৰিছিল, যিবোৰ প্ৰাণী ডাইনোছৰতকৈও ভাল যোদ্ধা আছিল৷ এই বিশাল স্তন্যপায়ী প্ৰাণীবোৰে নিজৰ দাঁতেৰে ইয়াৰ প্ৰতিপক্ষক ছিন্ন-ভিন্ন কৰিছিল৷ এইবোৰ প্ৰাণীৰ আকাৰ হাতীতকৈ যথেষ্ট ডাঙৰ আছিল, ওজনৰ ফালৰ পৰা তিনিশ চাৰিও কিলোগ্ৰামৰ সমান৷ অৱশ্যে এই প্ৰাণীৰ ওজন যথেষ্ট থাকিলেও দৈৰ্ঘ্য বেছি নাছিল৷ এই প্ৰকাণ্ড প্ৰাণীৰ ওচৰলৈ আহিবলৈ আন প্ৰাণীবোৰে ভয় খাইছিল৷ শেহতীয়াভাৱে বিজ্ঞানীয়ে ৰাছিয়াত এই প্ৰাণীৰ ফচিল বা জীৱাশ্ম উদ্ধাৰ হৈছে৷ এই প্ৰাণী দক্ষিণ আফ্ৰিকাৰ পৰা সাত হাজাৰ মাইল দূৰত ৰাজত্ব কৰিছেল৷ এই প্ৰাণীৰ মূৰৰ খোলা, দেহৰ কংকালৰ সৈতে যি ফচিল উদ্ধাৰ হৈছে, তাক দেখি হতবাক হৈ পৰিছে বিজ্ঞানীয়ে৷ ফচিলৰ টুকুৰা বিজ্ঞানীৰ হাতত পৰাত দেখা গৈছে এই প্ৰাণীয়ে অতি দ্ৰুতভাৱে নিজৰ বংশ বিস্তাৰ কৰিবলৈ সক্ষম৷ যাৰ ফলত আন প্ৰাণীৰ তুলনাত অতি দ্ৰুত সংখ্যা বৃদ্ধি পাবলৈ সক্ষম হ’ব৷