মাইগ্ৰেনৰ পৰা উপশমৰ বাবে এইবোৰ ঘৰুৱা উপায়

0
2

মাইগ্ৰেনৰ যন্ত্ৰণা কিমান কষ্টদায়ক হ’ব পাৰে, সেয়া কেৱল ভুক্তভোগীজনেহে উপলব্ধি কৰিব পাৰে৷ কিন্তু ইয়াৰ আঁৰৰ কাৰণ কি? সেই বিষয়ে আজিও নিশ্চিত নহয় বিজ্ঞানী মহল৷ সেয়ে মাইগ্ৰেনৰ সমস্যা একেবাৰে নিৰ্মূল কৰাৰ উপায় অজানা৷ অৱশ্যে মাইগ্ৰেনৰ সমস্যাৰ পৰা সকাহ পাবলৈ কিছুমান ঘৰুৱা উপায় অৱলম্বন ইয়াৰ যন্ত্ৰণা লাঘৱ হয় আৰু সুফল পোৱা যায়৷
আদাই মাইগ্ৰেনৰ যন্ত্ৰণা তথা বমি বমি ভাব নিয়ন্ত্ৰণত সহায় কৰে৷ মূৰৰ বিষ আৰম্ভ হোৱাৰ আভাস পালেই এটুকুৰা কেঁচা আদা চোবাই বা আদা দিয়া গৰম চাহ বনাই সেৱন কৰিলে প্ৰদাহ কমাত সহায় কৰে৷
এখন টাৱেল বা কপাহত এটুকুৰা ঠাণ্ডা বৰফ লৈ মূৰ-কপাল, মূৰৰ চাৰিওফালে লগাই
দিব৷ ১৫-২০ মিনিট এইদৰে ৰাখিলে ৰক্তনলী সংকুচিত কৰি বিষ-বেদনা কমোৱাত সহায় কৰে৷ কাৰোবাৰ ক্ষেত্ৰত আকৌ ইয়াৰ ওলোটা পদ্ধতিয়ে কামত দিয়ে৷ কুহুমীয়া গৰম পানীৰে মূৰৰ চাৰিওফাল¸, কান্ধৰ পেশা আদিত সেক দিলে আৰাম পোৱা যায় আৰু মূৰৰ বিষ নাইকিয়া হয়৷
মাইগ্ৰেনৰ সময়ত পোহৰ বা শব্দ অসহ্যকৰ হৈ উঠে৷ সেয়ে বিষ আৰম্ভ হ’লে এটা অন্ধকাৰ কোঠাত শান্ত ভাৱে চকু মুদি শুই বা বহি থাকিলে বিষ নিৰাময় হোৱাৰ সহায় কৰে৷ এই পদ্ধতিয়ে স্নায়ুক শান্ত কৰে বা বিষ কমাত সহায় কৰে৷
পেপাৰমিণ্ট তেলত থকা মেন্থলে বিষ কমোৱাত সহায় কৰে৷ কেইফোটামান পেপাৰমিণ্ট তেল আঙুলিৰে লৈ কপাল বা মূৰৰ দুয়োফালে মালিচ কৰিব পাৰে৷ লেভেণ্ডাৰ তেলৰ গোন্ধে মানসিক চাপ কমোৱাত সহায় কৰে৷
আনহাতে কেতিয়াও শৰীৰত পানীৰ অভাৱ হ’বলৈ দিব নালাগে৷ শৰীৰত পানীৰ নাটনি বা ডিহাইড্ৰেশ্যনৰ ফলত মাইগ্ৰেনৰ সমস্যাৰ কাৰণ হ’ব পাৰে৷ সেয়ে নিয়মিতভাৱে পৰ্যাপ্ত পৰিমাণে পানী সেৱনৰ অভ্যাস কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here