Beauty PlusFitness PlusHealth NaturallyHealth Talksতাৰুণ্য ধৰি ৰাখিবলৈ এই পাঁচধৰণৰ খাদ্য খাওকBy Health Plus - May 23, 202503Facebook Twitter Pinterest WhatsApp এনে বহু লোক আছে, যিসকলৰ অকালতে বাৰ্ধক্যৰ চাপ পৰে৷ জীৱনধাৰা বিভিন্ন দিশ ইয়াৰ বাবে মূলতঃ দায়ী বুলি কোৱা হয়৷ তাৰুণ্য ধৰি ৰাখিবলৈ খাদ্যাভ্যাস খুব গুৰুত্বপূৰ্ণ৷ সেয়ে জীৱনধাৰা এনেদৰে প্ৰস্তুত কৰিব, যাতে পাছতখিনি সময় ইতিবাচক হয়৷ ইয়াৰ বাবে আপুনি এনেধৰণৰ খাদ্য বা পানীয় নিৰ্বাচন কৰিব, যাতে সদায় সজীৱ থাকিব পাৰে৷ ইয়াৰ বাবে দৈনন্দিন কিছুমান অভ্যাস গঢ় দিব, যিবোৰে আপোনাক চিৰকাল তাৰুণ্য কৰি ৰাখে৷পুৱা টোপনিৰ পৰা উঠিয়েই এক গ্লাছ পানী সেৱন কৰাৰ অভ্যাস কৰক৷ কিছুমানৰ পূৰ্ণ এগিলাচ পানী সেৱনত অসুবিধা হ’লে অন্ততঃ আধা গ্লাছ পানী সেৱনৰ অভ্যাস কৰিব৷ অথবা পুৱাই খালী পেটত পানীত সৈতে তিচি, আদা, চিয়া চিড আদি মিহলায়ো খাব পাৰে৷ পানীৰ লগতে এইবোৰ উপাদানে দুগুণে উপকাৰ কৰিব৷পুৱাৰ খাদ্যভাগত সেউজীয়া, ৰঙীন চবজী ৰাখিব৷ ৰঙা, হালধীয়া, সেউজীয়া, কমলা ৰঙৰ চবজী বা ফলত ভিটামিন-এ থাকে৷ বিলাহীত থকা লাইকোপেনে তাৰুণ্য ধৰি ৰখাত সহায় কৰে৷ আনহাতে বিভিন্ন পাচলি একেলগে বনাই খাব পাৰে৷ অথবা গাজৰ, তিয়ঁহ আদিৰ কেঁচা চালাড বনায়ো খাব পাৰে৷পুৱাৰ খাদ্য তালিকাত অন্ততঃ দুই এটা ফল-মূল ৰাখক৷ সজীৱ, দেশী বা বতৰৰ ফল হ’লে বেছি ভাল৷ আনহাতে পুৱাৰ ভাগত নানাৰকমৰ বাদাম, কাঠবাদাম, চিনাবাদাম আদি খাব পাৰে৷ এইবোৰে পেট ভৰাই ৰখাত লগতে তাৰুণ্য ধৰি ৰখাত সহায় কৰে৷এই যে বিৰতিৰ সময় বুলি কোৱা হয়, তেনে সময়ত ডাৰ্ক চকলেট খাব পাৰে৷ ডাৰ্ক চকলেটে বহু সময়লৈ পেট ভৰ্তি কৰি ৰখাৰ লগতে তাৰুণ্য ধৰি ৰাখে৷দিনটোৰ যিকোনো সময়তে পানী সেৱন কৰি থকা অত্যন্ত ভাল অভ্যাস, যাতে শৰীৰে পানীৰ অভাৱ অনুভৱ নকৰে৷