কলেষ্টৰেল বাঢ়িলে খালী পেটত কি খোৱা উচিত

0
13

বৰ্তমান সময়ত কলেষ্টৰেলৰ সমস্যাই ভয়াৱহভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ যুৱচামৰ মাজত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিছে৷ কলেষ্টৰেলৰ সমস্যাৰ বাবে প্ৰধানতঃ আমাৰ জীৱনশৈলীৰ আমূল পৰিৱৰ্তনৰ অন্যতম কাৰণ হিচাপে জনা হৈছে৷ শৰীৰত কলেষ্টৰেল বৃদ্ধিৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি নিয়মিত ঔষধ সেৱন কৰা হয় যদিও কিছুূমান খাদ্য আছে, যিবোৰ কলেষ্টৰেল বাঢ়িলে খালী পেটত খালে সুফল পোৱা যায়৷ সেয়ে কলেষ্টৰেল বাঢ়িলে এইধৰণৰ খাদ্য খালী পেটত খাব৷ আমি জানো যে শৰীৰত কলেষ্টৰেল বৃদ্ধি হ’লে হাৰ্টৰ সমস্যাৰ লগতে strokeৰ সম্ভাৱনা বৃদ্ধি পায়৷ কলেষ্টৰেল বৃদ্ধি হ’লে ৰক্তকোষত প্লাক জমা হয়৷ শৰীৰৰ ভাগৰ, ক্লান্তি, দুৰ্বলতা, মূৰৰ বিষ আদি কলেষ্টৰেল বঢ়াৰ লক্ষণ৷ এনে পৰিস্থিতিত পুৱা খালী পেটত কি খোৱাৰ উচিত তাক জনা ভাল৷ যদি কলেষ্টৰেল বৃদ্ধি হয় তেনেহ’লে খালী পেটত ওটছ খোৱা উচিত৷ ইয়াত বিটা গ্লুকোন থাকে, যিয়ে কলেষ্টৰেলৰ মাত্ৰা কম কৰাত সহায় কৰে৷ আনহাতে কলেষ্টৰেল বৃদ্ধি হ’লে খালী পেটত ফল খোৱাৰ অভ্যাস কৰক৷ ফলত এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে শৰীৰৰ কলেষ্টৰেলৰ মাত্ৰা কমাই ৰখাত সহায় কৰে৷ পুৱাই খালী পেটত নুট্‌ছ খালেও কলেষ্টৰেলৰ মাত্ৰা সঠিকভাৱে থাকে৷ ইয়াৰ উপৰি পুৱা উঠিয়েই শাৰীৰিক অনুশীলন কৰাটো অতি জৰুৰী৷ খোজকঢ়াৰ অভ্যাস বা আন ব্যায়ামে শৰীৰটোক যিকোনো ৰোগৰ পৰা মুক্ত কৰি ৰখাৰ লগতে শৰীৰ সুস্থ কৰি ৰখাত মুখ্য ভূমিকা গ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here