ভিটামিন-ডি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়৷ ইয়াৰ অভাৱ হ’লে শৰীৰৰ নানা বিসংগতিয়ে দেখা দিয়ে৷ কিছুমান খাদ্যই এই অভাৱ পূৰ কৰে৷ তাৰ ভিতৰত কিছমান Dry fruits আছে, যিবোৰে শৰীৰত ভিটামিন-ডিৰ যোগান ধৰি উপকাৰ সাধন কৰে৷ নিয়মিত খাদ্য তালিকাত সেয়ে এইধৰণৰ খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে৷ মিঠা, সুস্বাদু তথা পুষ্টিগুণেৰে সমৃদ্ধ শুকান আঞ্জিৰে আপোনাৰ শৰীৰত ভিটামিন-ডিৰ পৰিমাণ বঢ়োৱাত সহায় কৰে৷ দৈনিক চালাডৰ সৈতে আঞ্জিৰ মিহলাই খোৱা এটা ভাল বিকল্প৷ কিচমিচ এবিধ সুস্বাদু আৰু মিঠাজাতীয় Dry fruits৷ এই ফলবিধ বহুতো গুৰুত্বপূৰ্ণ পুষ্টিগুণেৰে সমৃদ্ধ৷ বিশেষকৈ কিচমিচ ভিটামিন-ডিৰ এটা ভাল উৎস৷ আপুনি খাদ্য তালিকাত ওটছ বা দৈৰ লগত কিচমিচ মিহলাই খাব পাৰে৷ শুকান এপ্ৰিকটত বহুতো পুষ্টিগুণ পোৱা যায়৷ ইয়াৰ সোৱাদো অসাধাৰণ৷ এই Dry fruitsবিধ খোৱাৰ ফলত শৰীৰত ভিটামিন-ডিৰ মাত্ৰা বৃদ্ধি পায়, যিয়ে শৰীৰৰ উপকাৰ সাধন কৰে৷ খেজুৰত থকা প্ৰাকৃতিক চেনিয়ে দীৰ্ঘসময়ৰ বাবে শৰীৰ সক্ৰিয় তথা উদ্যমী কৰি ৰাখে৷ ইয়াৰ উপৰি খেজুৰ ভিটামিন-ডিৰ এটা চমৎকাৰী উৎস, যিয়ে আপোনাৰ শৰীৰত ভিটামিন-ডিৰ পৰিমাণ বজাই ৰাখে৷ আলুবুখেৰা হজমৰ কাৰণে খুব উপকাৰী৷ হজম প্ৰক্ৰিয়া কমি যোৱাৰ সময়ত ড্ৰাই আলুবুখেৰা খালে কোষ্ঠকাঠিন্যৰ দৰে হজমৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে৷ আলুবুখেৰা ভিটামিন-ডিৰ এটা ভাল উৎস৷ আলুবুখেৰে খোৱাৰ ফলত দীৰ্ঘসময় ধৰি তৃপ্ত ৰাখে, ভোক নালাগে৷ যাৰ ফলত ওজন বৃদ্ধিত সহায়ক হয়৷