কিডনীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ফিল্টাৰ কৰে আৰু শৰীৰৰ পৰা পানী আৰু খনিজৰ ভাৰসাম্য বজাই ৰাখে৷ যদিও কিডনী নিজেই এটা পৰিষ্কাৰক অংগ, কেতিয়াবা কিছু খাদ্যৰ কাৰণে এই অংগ ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ এনেধৰণৰ কিছুমান খাদ্যৰ কথা কোৱা হৈছে, যিবোৰে প্ৰয়োজনতকৈ বেছি খোৱাৰ ফলত কিডনীৰ ক্ষতি বা কিডনীৰ বিকল হোৱাৰ সম্ভাৱনা থাকে৷ অতিৰিক্ত নিমখ সেৱনে ৰক্তচাপ বঢ়ায়, যিয়ে কিডনীৰ ওপৰত চাপ সৃষ্টি কৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰি প্ৰতিদিন পাঁচ গ্ৰামতকৈ বেছি নিমখ সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ পেকেটজাত খাদ্য যেনে– ছিপচ, বিস্কুট, ইনষ্টাণ্ট নুডলছ, ফাষ্ট ফুডৰ দৰে পেকেটজাত খাদ্যত যথেষ্ট পৰিমাণে নিমখ, চৰ্বি আৰু প্ৰিজাৰভেটিভ থাকে৷ এই উপাদানবোৰ কিডনীৰ কাৰণে খুবেই বিপজ্জনক৷ কোল ড্ৰিংকছ তথা অন্যান্য শীতল পানীয়ত উচ্চ মাত্ৰাত চেনি আৰু ফচফেট থাকে, যি কিডনীত পাথৰ সৃষ্টি কৰাত সহায় কৰে তথা কিডনীৰ কাৰ্যকাৰিতা হ্ৰাস কৰে৷ ৰেড মিট খোৱাৰ ফলত শৰীৰত ইউৰিক আৰু ক্ৰিয়েটিনিনৰ দৰে পদাৰ্থৰ পৰিমাণ বৃদ্ধি পায়, যি অপসাৰণৰ কাৰণে কিডনীৰ ওপৰত যথেষ্ট চাপ পৰে৷ ইয়াৰ ফলত কিডনী ক্ষতিগ্ৰস্ত হয়৷ অতিৰিক্ত চেনি সেৱনৰ ফলত ডায়েবেটিছত আক্ৰান্ত হ’ব পাৰে, যি কিডনী ৰোগৰ প্ৰধান কাৰণ৷ এনে পৰিস্থিতিত প্ৰতিদিনে মিঠাই, বিস্কুট তথা মিঠাজাতীয় পানীয় সেৱনে কিডনীক দুৰ্বল কৰি সমস্যাৰ সৃষ্টি কৰিব পাৰে৷