Beauty PlusFitness PlusHealth NaturallyHealth Talksফেটি লিভাৰৰ সমস্যা হ’লে কিদৰে বুজিবBy Health Plus - May 6, 202509Facebook Twitter Pinterest WhatsApp আজিকালি ফেটি লিভাৰৰ সমস্যাই ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ প্ৰায়ভাগ লোকৰে ক্ষেত্ৰতে এই সমস্যাই গো কৰি উঠিছে৷ বিশেষকৈ যুৱচামৰ মাজত যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ সাধাৰণতে খাদ্যাভ্যাস, জীৱনশৈ¸লীৰ অস্বাভাৱিক পৰিৱৰ্তন, মাদকদ্ৰব্যৰ প্ৰতি আসক্তি, অত্যধিক মদ্যপান সেৱন, অসন্তুলন আৰামপ্ৰিয় জীৱন আদি বিভিন্ন কাৰণত এই সমস্যাই দেখা দিব পাৰে৷ সেয়ে ফেটি লিভাৰৰ সমস্যা হ’লে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত বা খাদ্য তালিকা সলনি কৰা অতি জৰুৰী৷ আনহাতে ফেটি লিভাৰৰ সমস্যা হ’লে কিদৰে বুজিব বা ইয়াৰ লক্ষণসমূহ কি, তাক সাধাৰণভাৱে জনাটো দৰকাৰ৷ লক্ষ্য ৰাখিব ফেটি লিভাৰৰ সমস্যা হ’লে প্ৰথমে ছাল আৰু চকু হালধীয়া হ’ব পাৰে৷ পেটৰ সঘনাই গেছৰ সমস্যাই দেখা দিব পাৰে অথবা বদহজম হোৱাৰ আশংকা থাকে৷ ফেটি লিভাৰৰ সমস্যা আৰম্ভ হ’লে পেট ফুলাৰ দৰে সমস্যাই গা কৰি উঠিব পাৰে৷ ফেটি লিভাৰত আক্ৰান্তসকলৰ বিপাক ক্ৰিয়াত প্ৰভাৱ পেলায়৷ আনহাতে ফেটি লিভাৰৰ সমস্যা হ’লে হঠাতে শৰীৰৰ ওজন বাঢ়ি যাব পাৰে৷ ফেটি লিভাৰৰ সমস্যা হ’লে লিভাৰে সঠিকভাৱে কাম কৰাত ব্যাঘাত জন্মে৷ যাৰ প্ৰভাৱ মস্তিষ্কৰ ওপৰতো পৰে৷