দৈনিক ভাতৰ লগত এটুকুৰা কেঁচা পিঁয়াজ খাওক

0
16


প্ৰতিদিনে ভাত খোৱাৰ সময়ত এটুকুৰাকৈ কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস কৰক৷ পাব আপুনি নজনাকৈয়ে বিভিন্ন শাৰীৰিক লাভালাভ৷ পিঁয়াজত ছালফাৰ, পটাচিয়াম, কেলচিয়াম, ফাইবাৰ আৰু ভিটামিন-বি আৰু ভিটামিন-চিৰ দৰে প্ৰয়োজনীয় পুষ্টি উপাদান থাকে৷ এই উপাদানবোৰে শৰীৰক ভিতৰৰ পৰা পুষ্টিৰ যোগোৱাৰ লগতে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ উষ্ণ বতাহ আৰু তাপপ্ৰবাহৰ পৰা পৰিত্ৰাণ পাবলৈ পিঁয়াজ খুবেই কাৰ্যকৰী বুলি কোৱা হয়৷ কেঁচা পিঁয়াজে শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে তথা হিটষ্ট˜কৰ দৰে সমস্যাৰ পৰা সুৰক্ষা প্ৰদান কৰে৷ পিঁয়াজত থকা প্ৰাকৃতিক শীতল উপাদানে শৰীৰৰ তাপ কমাই ৰাখে, যিয়ে আপোনাক গোটেইদিন সতেজ কৰি ৰাখে৷ পিঁয়াজে গ্ৰীষ্মকালত প্ৰাকৃতিক শীতলকাৰী হিচাপে কাম কৰে৷ কেঁচা পিঁয়াজত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে৷ সেয়ে কেঁচা পিঁয়াজ খালে কোষ্ঠকাঠিন্য তথা পেটৰ অন্যান্য সমস্যাৰ পৰা মুক্তি দিয়াত সহায়ক হয়৷ পিঁয়াজত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন-চিয়ে ৰোদ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷ বিশেষকৈ গ্ৰীষ্মকালত হ’ব পৰা ভাইৰেল ৰোগৰ পৰা বাচি থাকিবলৈ আৰু শৰীৰ শক্তিশালী কৰিবলৈ কেঁচা পিঁয়াজ খোৱা নিতান্তই আৱশ্যক৷ কেঁচা পিঁয়াজে ছালৰ উজ্জ্বলতা আৰু চুলিৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী৷ ইয়াত থকা ছালফাৰে ছালৰ কোষ আৰু চুলিৰ গুৰিৰ কাৰণে অত্যন্ত উপকাৰী৷ পিঁয়াজে শৰীৰৰ ইনছুলিনৰ মাত্ৰা ভাৰসাম্য বজাই ৰখাত সহায় কৰে৷ এয়ে ডায়েবেটিছ ৰোগীসকলৰ বাবে যথেষ্ট সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here