গলৰ ডাবল চিনৰ বাবে বয়সিয়াল যেন লাগে : কমাবলৈ কি কৰিব?

0
21

ল’ৰাবোৰৰ তুলনাত ছোৱালীবোৰ সৌন্দৰ্যচৰ্চাত বিশেষভাৱে সচেতন৷ দিনৰ প্ৰায়খিনি সময়ত তেওঁলোকে বিউটি পাৰ্লালৈ যোৱা, ঘৰুৱা বিধান মানি চলা আদি ৰূপচৰ্চাতে ব্যস্ত থাকে৷ মুখ, ছাল, চুলি বা শৰীৰৰ আন অংগৰ পৃথকে পৃথকে যতন লয়৷ ইয়াৰ লগতে ফটোছেছন জীৱন যাত্ৰাত এটা অন্যতম গুৰnত্বপূৰ্ণ অংশ হিচাপে ধৰি লয়৷ সেই ক্ষেত্ৰত লাহি বা ি€ম চেহেৰা-মুখৰ গৰাকীৰ আগস্থানত থাকে৷ কিন্তু এই ক্ষেত্ৰত যদি ডাবল চিনৰ সমস্যা আহে, সকলোতে তেতিয়া অশান্তিকৰ হৈ উঠে৷ বিশেষকৈ অলপ শকত ছোৱালীৰ ক্ষেত্ৰত ডিঙিত ডাবল চিনৰ সমস্যাই তেওঁলোকক সকলোতে আশাহত কৰে৷ যিকোনো ক্ষেত্ৰতে ডিঙিৰ এই ডাবল চিনে বিমোৰত পেলায় আৰু কেতিয়াবা ডিঙিটো দেখাবলৈ লজ্জাবোধ কৰে৷ সেয়ে এই সমস্যাৰ পৰা মুক্ত পাবলৈ তেওঁলোকে বিশেষভাৱে ব্যৱস্থা লয়৷ আচলতে ডাবল চিন হ’ল গলত অতিৰিক্ত চৰ্বি জমা হোৱা৷ গল, মুখৰ তল আদি অংশত এই চৰ্বি জমা হৈ ডাবল চিনৰ সৃষ্টি কৰে৷ ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে৷ যেনে– ওজন বৃদ্ধি হোৱা, বয়স বাঢ়ি যোৱা আদিৰ বাবে ডাবল চিনৰ সমস্যা আহিব পাৰে৷ ইয়াৰ পৰা মুক্তিৰ বাবে ঘৰুৱাভাৱে এইবোৰ ব্যৱস্থা গ্ৰহণ কৰিলে সুফল পোৱা যায়৷ দৈনিক মুখৰ কিছুমান ব্যায়াম কৰিলে ডাবল টিনৰ সমস্যাৰ পৰা সকাহ পাব পাৰে৷ নাৰিকল তেল বা জলফাই আৰু বাদাম তেল মিহলি কৰি মুখত জমা হোৱা চৰ্বি অংশত মাচাজ কৰিলে ইয়াৰ ৰক্ত সঞ্চালন বৃদ্ধি হয়৷ যাৰ ফলত ডাবল চিনৰ সমস্যা নোহোৱা হয়৷ নিয়মিতভাৱে গ্ৰী টী খোৱাৰ অভ্যাস কৰিব পাৰে, যিয়ে শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷ কিয়নো শৰীৰৰ ওজন বৃদ্ধিৰ বাবে ডাবল চিনৰ সমস্যাই দেখা দিব পাৰে৷ চিয়া বাটাৰ গৰম কৰি গলৰ চাৰিওফালে মাচাজ কৰিলে ডাবল চিনৰ সমস্যা নিৰাময় হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here