ক’লা ওঁঠ গুলপীয়া কৰাৰ ঘৰুৱা টিপ্‌ছ

0
23

ওঁঠযুৰিয়ে মুখৰ সৌন্দৰ্যই বিশেষ অৱদান আগবঢ়ায়৷ এযোৰ সুন্দৰ গুলপীয়া ওঁঠে মুখৰ সৌন্দৰ্যত সোণৰ সুৱগা চৰায়৷ সেয়ে ওঁঠযুৰি দেখনিয়াৰ তথা আকৰ্ষণীয় কৰিবলৈ কত কি যে কৰা হয়৷ বিশেষকৈ ছোৱালীসকলৰ ক্ষেত্ৰত ওঁঠৰ যত্নত বিশেষ গুৰুত্ব দিয়ে৷ মুখখনৰ ৰূপচৰ্চাৰ সমান্তৰাভাৱে ওঁঠযুৰি গুলপীয়া কৰি আপ্ৰাণ চেষ্টা কৰে৷ বহুতেই আকৌ শৰীৰৰ আন অংগৰ নজৰ ৰাখোতে ওঁঠৰ যত্নৰ কথা পাহৰিয়েই যায়৷ কিন্তু ছোৱালীবোৰে ওঁঠৰ কাৰণে বিশেষভাৱে যত্নপৰ হয়৷ ক’লা ওঁঠ গোপালী কৰিবলৈ সঠিক পৰিচৰ্যা কৰে৷ খৰচ অহিবনে কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰি খুব সহজে ক’লা ওঁঠ গুলপীয়া কৰিব পাৰি৷ ছালখনৰ দৰে ওঁঠৰো এক্সফোলিয়েটৰ দৰকাৰ৷ যাতে ওঁঠযোৰ ভালে থাকে৷ ছালৰ মৃতকোষ দূৰ কৰিবলৈ হ’লে নাৰিকল তেলৰ সৈতে চেনি, মৌ আৰু কফি ভালদৰে মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰিব৷ এই সংমিশ্ৰিত মিশ্ৰণটোৰে আঙুলিৰে ওঁঠত ভালদৰে ঘঁহি দিব৷ আনহাতে ওঁঠ মইশ্বৰাইজড কৰিব লাগে৷ আদ্ৰৰ্তা বজাই ৰাখিবলৈ ওঁঠত বাদামী তেল, চিয়া বাটাৰ বা জোজোবা তেল মিহলাই সেই মিশ্ৰণটোৰে তৈয়াৰী লিপবাম ওঁঠত লগাওক৷ ওঁঁঠযুৰি গুলপীয়া কৰিবলৈ এলোভেৰা, মৌ আৰু নাৰিকল তেলেৰে এটা মিশ্ৰণ প্ৰস্তুত কৰক৷ এই মিশ্ৰণেৰে ওঁঠৰ মাস্ক ব্যৱহাৰ কৰিব পাৰে৷ দৈনিক অতিকমেও আঠ গ্লাছ পানী সেৱন কৰাটো শৰীৰৰ লগতে ছালখনৰ স্বাস্থ্য বাবে অতি প্ৰয়োজন৷ ইয়াৰ উপৰি তৰমুজ, তিঁয়হ আদি পানীসমৃদ্ধ ফল দৈনিক খালে ছালৰ আৰ্দ্ৰতা ঠিকে থাকে৷ আনহাতে ওঁঠক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰিবলৈ এছপিএফ ১৫ লিপবাম ব্যৱহাৰ কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here