অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণাই সৌৰজগতৰ বাহিৰত অৱস্থিত এটা ছুপাৰ আৰ্থ গ্ৰহৰ সন্ধান পোৱা গৈছে৷ নতুনকৈ সন্ধান পোৱা এই গ্ৰহটোত প্ৰাণীৰ অস্তিত্বৰ সম্ভাৱনাক লৈ আশাৰ সঞ্চাৰ হৈছে৷ এই গ্ৰহটোৰ নাম এইচ ডি ২০৭৯৪ ডি৷ এই গ্ৰহটো পৃথিৱীতকৈ ছয়গুণ বেছি ডাঙৰ৷ বিজ্ঞানীয়ে ধাৰণা কৰিছে যে এই গ্ৰহটোৰ পৃষ্ঠত তৰল পানীৰ অস্তিত্ব থাকিব পাৰে৷ পৃথিৱীৰ পৰা মাত্ৰ বিশ আলোকবৰ্ষ দূৰত্বত অৱস্থিত তথা সূৰ্যৰ দৰে এটা নক্ষত্ৰৰ বসবাসযোগ্য অঞ্চলত পৰিক্ৰমণ কৰিছে৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প’ষ্ট ডক্তৰাল গৱেষক ড॰ মাইকেল ক্ৰেটিগনিয়াৰে এই আৱিষ্কাৰক ৰোমাঞ্চকৰ বুলি উল্লেখ কৰিছে৷ তেওঁ লগতে উল্লেখ কৰে যে ভৱিষ্যতে মিছনৰ জৰিয়তে ছবি তোলাৰ সম্ভাৱনা আছে৷ প্ৰতিবেদনত কোৱা হৈছে যে পৃথিৱীৰ দৰে বৃত্তাকাৰ কক্ষপথৰ সলনি এই গ্ৰহটো এটা এটা বৃত্তাকাৰ পথত ঘূৰে৷ যিয়ে নেকি এই গ্ৰহত প্ৰাণীৰ অস্তিত্বৰ সম্ভাৱনাক লৈ কিছু অনিশ্চয়তাৰ সৃষ্টি হয়৷ আনহাতে ড॰ ক্ৰেটিগনিয়াৰে উল্লেখ কৰিছে যে এই গ্ৰহটো ভৱিষ্যতে প্ৰাণীৰ সন্ধানকাৰী মিছনবোৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ পৃথিৱীৰ দৰে গ্ৰহবোৰৰ নিচিনা ইয়াৰ কক্ষপথ অত্যন্ত অস্বাভাৱিক৷ এই গৱেষণাৰ ফলাফল জাৰ্নাল এষ্ট্ৰ’নমি এণ্ড এষ্ট্ৰ’’ফিজিক্সত প্ৰকাশিত হৈছে৷ যি সম্ভাৱ্য বসবাসযোগ্য এক্সোপ্লানেট অনুসন্ধানৰ এটা উল্লেখযোগ্য অগ্ৰগতি হিচাপে চিহ্নিত হৈছে৷